- অক্সফৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা কৰ’না ভেকচিন ট্ৰায়েল কৰা হ’ব ভাৰতত । ইফালে ভেকচিনটোৰ প্ৰাৰম্ভিক ট্ৰায়েল ইতিমধ্যে সফলতাৰে সম্পন্ন হৈছে । ভেকচিন ট্ৰায়েলৰ প্ৰক্ৰিয়া লাইচেঞ্চ পোৱাৰ পিছতে আৰম্ভ হ’ব ৷
- ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ যোৰহাটতো বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৷ বিগত ২৪ ঘন্টাত জিলাখনত ১০১ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ লক্ষণ ৷ ইয়াৰ লগে লগে জিলাখনত মুঠ কৰ’না ৰোগীৰ সংখ্যা ৮৯৯ জনলৈ বৃদ্ধি পালে ।
- কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এন-৯৫ৰ মাস্কৰ প্ৰয়োজনীয়তাৰ বিষয়ে কোৱা হৈছিল যদিও সম্প্ৰতি এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্দেশনা অনুসৰি এন-৯৫ য়ে কৰ’না সংক্ৰমণৰ পৰা বচাব নোৱাৰে । গতিকে এইবিধ মাস্কবিধ ব্যৱহাৰ কৰাটো সকলোৱে এৰিব লাগে ৷
- আজি পু্ৱা ৫.৩৫ মিনিটত মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী তেণ্ডনৰ দেহাৱসান ঘটে ৷ শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ বাবে ১৪ জুলাইত তেওঁক লক্ষ্ণৌৰ মেডাতা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ উল্লেখযোগ্য যে লালজী তেণ্ডন আছিল বিজেপিৰ সক্ৰিয় নেতা ৷
- ৰাজ্যত পুনৰ ১০৯৩ জনৰ শৰীৰত ধৰি পৰিছে ক’ভিড১৯ ৷ইয়াৰে ৪৪৮ গৰাকী গুৱাহাটী মহানগৰীৰ ।ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ২৫,০৯২ জনলৈ বৃদ্ধি পালে । লগতে সুস্থ হৈছে ১৭,০৯৫ জন ৷ এই কথা টুইটাৰ যোগে প্ৰকাশ কৰিছে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
- ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তনীয় ৰূপত আছে ৷কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে ৯০ শতাংশ অঞ্চল জলমগ্ন হয়।আনহাতে নতুনকৈ জলমগ্ন হ’ল কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ ২৩ টা বন শিবিৰ ৷ বানৰ কবলত পৰি বৰ্তমানলৈকে ১১ টা গড়কে ধৰি মুঠ ১১৬ টা বন্যজন্তুৰ মৃত্যু হৈছে ।
ADVERTISEMENT