গ্ৰেপ্তাৰৰ ভয়ে খদি ফুৰিছে ৰিয়া চক্ৰৱৰ্তীক

Rhea Chakraborty threat case 759

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত সন্দেহ প্ৰকাশ কৰি অভিনেতাগৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছে ৷ সুশান্তৰ অধিবক্তা বিকাশ সিঙৰ মতে মুম্বাইৰ পুলিছে ৰিয়াক সহায় কৰিছে । সিঙে কয় যে আজি কিছুদিনৰ আগলৈকে চিবিআইৰ তদন্ত বিচৰা ৰিয়াই সম্প্ৰতি তদন্ত শেষ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়লৈ গৈছে ৷

আনহাতে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে পাটনাত এজাহাৰ দাখিল হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ত এখন প্ৰতিবেদন দিয়ে ৷ ইয়াৰ জৰিয়তে ৰিয়াই পাটনাত দাখিল কৰা সকলো গোচৰ মুম্বাইলৈ আনিবলৈ প্ৰস্তাৱ ৰাখে । এক বিশেষ সূত্ৰৰ মতে, গ্ৰেপ্তাৰ হোৱাৰ ভয়তে ৰিয়াই এনেধৰণৰ পদক্ষেপ হাতত লয় । বুধবাৰে সুশান্তৰ সন্দৰ্ভত সোধ পোচ কৰিবৰ কাৰণে ৰিয়াৰ ঘৰত পাটনা আৰক্ষী উপস্থিত হয় যদিও ৰিয়া আৰু তেওঁৰ পৰিয়াল ঘৰত নাছিল ৷

উল্লেখযোগ্য যে, ২৫ জুলাইত ৰিয়াৰ পিতৃয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে পাটনা ৰাজীৱ নগৰ পুলিচ ষ্টেশ্যনত এখন এফআইআৰ দাখিল কৰে। এই এফআইআৰত ৰিয়া চক্ৰৱৰ্তী, পিতৃ ইন্দ্ৰজিত চক্ৰৱৰ্তী, মাতৃ সন্ধ্যা চক্ৰৱৰ্তী, ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু দুজন মেনেজাৰৰ বিৰুদ্ধে গোচৰ দিছিল সুশান্তৰ পিতৃয়ে ৷

ইপিনে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল । আৰক্ষী সুশান্তৰ মৃত্যুক আত্মহত্যা বুলি ক’লেও কিন্তু গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীকে ধৰি বহু লোকেই সম্প্ৰতি সুশান্তৰ মৃত্যুৰ চিবিআইৰ তদন্ত বিচাৰিছে ৷ অৱশ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অনিল দেশমুখে সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত খাৰিজ কৰিছে লগতে দেশমুখৰ মন্তব্য যে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিবলৈ মুম্বাইৰ আৰক্ষী সক্ষম ।অধিবক্তা ইস্ককৰণৰ মতে সুশান্তৰ মৃত্যুৰ পিছতে সংবাদমাধ্যমত অভিনেতা গৰাকীয়ে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ হয় । কিন্তু এইয়া হত্যা নে আত্মহত্যা ৷ সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

আনহাতে সুশান্তৰ মৃত্যুত পিছত প্ৰকাশ পাইছিল যে অভিনেতাজনে ৫০ টা ছীম কাৰ্ড পৰিৱৰ্তন কৰিছিল ৷ গতিকে ইশকৰণে আৰক্ষী প্ৰশ্ন কৰে যে যদি এনেধৰণৰ কাৰ্য হৈছিল তেন্তে আৰক্ষীয়ে সেই ছীম কাৰ্ডসমূহ কিয় ছীল নকৰিলে? উল্লেখযোগ্য যে আৰক্ষীয়ে সুশান্তৰ ঘৰৰ পৰা কোনো চুইচাইড ন’ট উদ্ধাৰ কৰা নাই । যদি কোনো চুইচাইড ন’ট পালেহেঁতেন তেতিয়া সুশান্তৰ মৃত্যু তদন্তই দীঘলীয়া নহলহেঁতেন ৷

Exit mobile version