দিছপুৰতে পাকঘূৰণি খাইছে জৰুৰী ফাইলেঃ স্তব্ধ দুৰ্নীতিৰ তদন্ত

Sonowal telephones quarantined CRPF jawans of Assam

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ স্বৰূপ স্পষ্ট হ’বলৈ ধৰিছে ।এইখন চৰকাৰৰ কাৰ্যকালতে দিছপুৰত পাকঘূৰণি খাইছে ৰাজ্য কপোঁৱা বিয়াগোম কেলেংকাৰীসমূহৰে সম্পৰ্কিত গুৰুত্বপূৰ্ণ ফাইলসমূহে ৷ফলত গেঁঠেলা মাৰিছে অসম লোক সেৱা আয়োগ,সমাজ কল্যাণ,কৃষিকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সংঘটিত কেলেংকাৰীসমূহৰ তদন্তই।

ৰাজ্যত সংঘটিত কে’বাটাও বিয়াগোম কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দি সোনোৱাল চৰকাৰে সম্প্ৰতি এই সম্পৰ্কত অতি ৰহস্যজনকভাৱে গ্ৰহণ কৰিছে হোঁহকা পিছলা নীতি ৷দিছপুৰৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে এ পি এছ ইত সংঘটিত বিয়াগোম কেলেংকাৰীত সম্পৰ্কত ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰজু হৈ থকাৰ লগতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত গঠন কৰা হৈছে এজনীয়া তদন্ত আয়োগ।

পৰৱৰ্তী সময়ত তদন্ত আয়গে এ পি এছ চিৰ কেলেংকাৰীৰ সম্পৰ্কত উত্থাপিত অভিযোগ সন্দৰ্ভত বিতংভাৱে প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ বাবে অসম লোকসেৱা আয়োগ,ৰাজ্য চৰকাৰৰ গৃহ,আৰু ৰাজনৈতিক বিভাগৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে ৷তদন্ত আয়োগৰ নিৰ্দেশনাত ২০১৩ ৰ এ পি এছ চিয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কত প্ৰয়োজনীয় প্ৰতিবেদন দাখিল কৰে লোকসেৱা আয়োগে ৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে নিৰ্ধাৰিত সময়ত প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ পৰা বিৰত থাকে ৷ফলত তদন্ত আয়োগে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ উদ্দেশ্য যোৱা মাৰ্চ পৰা জুন পৰ্যন্ত গৃহ বিভাগ আৰু অসম আৰক্ষীৰ প্ৰধানলৈ তিনিবাৰকৈ জাননী প্ৰেৰণ কৰিবলৈ বাধ্য হয় ৷তদন্ত আয়োগৰ নিৰ্দেশত শেহতীয়াকৈ প্ৰতিবেদন দাখিল কৰিলেও এই সম্পৰ্কীয় তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ বাবে লেহেমীয়া হৈ পৰা বুলি সূত্ৰটোৱে জনায় ৷

কেৱল লোকসেৱা আয়োগৰ কেলেংকাৰীৰ ক্ষেত্ৰতেই নহয়,সমাজ কল্যাণ বিভাগত সংঘটিত ২২ শ কোটি বিয়াগোম কেলংকাৰিৰ ক্ষেত্ৰতো ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ফলত সমাজ কল্যাণ বিভাগত সংঘটিত এই কেলেংকাৰিৰ সম্পৰ্কত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ১৯/২০১৬ গোচৰৰ অন্যতম অভিযুক্ত লিপিকা দত্তৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ অনুমতি প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে। বিগত বৰ্ষৰ পৰাই এই সম্পৰ্কীয় ফাইলসমূহ দিছপুৰত পৰি ৰোৱা বুলি সূত্ৰটোৱে উল্লেখ কৰে ৷

ফলত মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰা ২২ কোটিটকীয়া কেলেংকাৰীৰ এতিয়া নাম গোন্ধেই নাই ।আৰু তদন্ত প্ৰক্ৰিয়া ধোঁৱাচাঙত উঠিছে ।ইফালে ৰাজ্য চৰকাৰৰ কৃষি বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰী সম্পৰ্কত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে পৃথকে পৃথকে ৫৬/২০১৪আৰু ১/২০১৫ নম্বৰত ৰজু হৈ আছে দুটাকৈ গোচৰ ৷আৰ কে ভি আই আৰু বি জি আৰ ই আই ৰূপায়ণৰ নামত ৭২২ কোটি টকাৰ বিয়াগোম কেলংকাৰিৰ নামত চি আই ডি য়ে ৫৬/২০১৪ নম্বৰৰ গোচৰত কৃষি বিষয়াকে ধৰি ১৩ জন বিষয়াক গ্ৰেপ্তাৰ কৰে।

কিন্তু পৰৱৰ্তী সময়ত সংশ্লিষ্ট গোচৰত কৃষি বিভাগৰ একাধিক বিষয়াৰ বিৰুদ্ধে তদন্তৰ অনুমতি লাভ কৰা নাই চি আই ডি য়ে। এইদৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ শ্ল’গান দিয়েই ৰাইজৰ চকুত ধুলি দি আহিছে চৰকাৰে ৷হেজাৰ হেজাৰ কোটি কেলেংকাৰিৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিল যদিও ধৰা নপৰিল এজনো লুণ্ঠনকাৰী। অথচ গৃহবিভাগৰ দায়িত্বত আছে স্বয়ং মুখ্যমন্ত্ৰী সোনৱালেই ।এয়া মাত্ৰ এক উদাহৰণহে ।

Exit mobile version