বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং চিকাৰীৰ দপদপনি

IMG 20200811 WA0003

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং চিকাৰীৰ দৌৰাত্ম্যত বনৰীয়া জীৱ জন্তুৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। অভয়াৰণ্যখনত বসবাস কৰা সন্দেহ যুক্ত লোকে বনাঞ্চলখনত চোৰাং চিকাৰত নমা বুলি অভিযোগ উঠিছে। অভয়াৰণ্যখনত বেদখল কৰি থকা সন্দেহযুক্ত লোকে চোৰাং চিকাৰীয়ে বুঢ়াচাপৰি ৰেঞ্জ কাৰ্যালয়ৰ অধীনস্থ বাতলি চৰত এটা গোনা ম’হ ফাণ্ড পাতি হত্যা কৰে।

আজি পুৱা ১০-৩০ বজাত ম’হটোৰ মৃতদেহ বন কৰ্মচাৰীয়ে উদ্ধাৰ কৰাৰ পাছত ঘটনাটো পোহৰলৈ আহে।অভয়াৰণ্যখনৰ সুত্ৰই জনোৱা মতে,চোৰাং চিকাৰীয়ে লোহাৰ তাঁৰৰ ফাণ্ড পাতি ম’হটো হত্যা কৰিছিল।মৃত ম’হটো ফাণ্ডত লাগি ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ চিন স্পষ্ট হৈ আছে।এক সুত্ৰই জনোৱা মত,অভয়াৰণ্য খনত চোৰাং চিকাৰীয়ে ম’হ হত্যা কৰি গো-মাংস বুলি কেতবোৰ স্থানত বিক্ৰী কৰে।

অভিযোগ মতে,বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকাৰীৰ কবলত থকা পূব আৰু পশ্চিম লাঠীমাৰী চাপৰি, প্ৰস্তাৱিত প্ৰথম সংযোজনৰ ঘুলিৰ পাৰ চাপৰি, কোঁচমৰা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ আৰিমাৰী আৰু মুছলিম চাপৰিৰ বেদখলকাৰীয়ে অভয়াৰণ্য খনত চোৰাং চিকাৰ কৰি দপদপাই আছে ।

ইয়াৰ উপৰিও প্ৰস্তাৱিত প্ৰথম সংযোজনৰ কলীয়া ভোমোৰা দলঙৰ সমীপৰ ভোমোৰাগুৰিৰ পৰা দৰং জিলাৰ শিঙৰী পাহাৰলৈকে থকা অঞ্চলটো বেলখলকাৰীৰ কবলত আছে।অভয়াৰণ্য খনৰ সুত্ৰই প্ৰকাশ কৰা অনুযায়ী ,প্ৰস্তাৱিত প্ৰথম সংযোজনৰ অঞ্চলসমুহ বুঢ়াচাপৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যে চোৱাচিতা আৰম্ভ কৰা হৈছে।সম্প্ৰতি সন্দেহ যুক্ত নাগৰিক বেদখলকাৰীৰ ৰূপত থকা চোৰাং চিকাৰীয়ে ম’হ,বন্য গাহৰি,পহু আদি হত্যা কৰি জীৱকুলক নিঃশেষ কৰি অভয়াৰণ্যখন জনাঞ্চললৈ পৰিণত কৰাৰ ষড়যন্ত্ৰত নমাৰ অভিযোগ উঠিছে।

Exit mobile version