অতিমাৰী কৰ’নাই সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তাঁত শিল্পৰ লগত জড়িত শিপিনী সকল গভীৰ সংকটত পৰিছে । তাঁত শিল্প উদ্যোগটোকে জীৱন আৰু জীৱিকাৰ একমাত্ৰ সম্বল হিচাপে লৈ বছৰৰ পিছত বছৰ ধৰি এই শিল্পটোৰ স’তে নিবিড় ভাৱে জড়িত হৈ থকা এই শিপিনী সকলৰ জীৱন এতিয়া বিপন্ন কৰি তুলিছে কৰ’নাই ।
চলিত বৰ্ষৰ ২৪ মাৰ্চৰ পৰা চলি থকা তলাবন্ধ-আনলক ব্যৱস্থাই এই শিল্পৰ লগত জড়িত সকলৰ সন্মুখত সৃষ্টি কৰিছে কঠোৰ প্ৰত্যাহ্বানৰ । একেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ চৰম দুঃশ্চিন্তা আৰু দুৰ্ভাৱনাৰ মাজেৰে এক অনিশ্চিত ভৱিষ্যতৰ ক্ষণ গণিছে নগাওঁ জিলাৰ বিভিন্ন অঞ্চলৰ বস্ত্ৰশিল্প উদ্যোগৰ লগত জড়িত শিপিনী সকলে ।
ইয়াৰ ব্যতিক্ৰম হোৱা নাই জিলা খনৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কচুৱা অঞ্চলৰ তাঁত শিল্পৰ সৈতে জড়িত সকলো । জিলাখনৰ বৃহত্তৰ কচুৱা অঞ্চলৰ তাঁত শিল্পৰ লগত জড়িত শিপিনী সকলৰ এতিয়া নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে । তলাবন্ধ-আনলক ব্যৱস্থা চলি থকাৰ বাবেই বৃহত্তৰ কচুৱাৰ তাঁতশিল্পত উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ ব্যৱসায়ী সকল আগবাঢ়ি অহা নাই । কেঁচা সামগ্ৰীৰ অভাৱতো এই অঞ্চলৰ তাঁতশালৰ গৰাকী সকল সমস্যাৰ সন্মুখীন হৈছে ।
উল্লেখ্য যে, কচুৱা অঞ্চলৰ প্ৰায় ১০ খন গাঁৱত এই তাঁতশিল্পত বিভিন্ন ধৰণৰ বস্ত্ৰশিল্প উৎপাদন কৰা হয়। তাঁতশালৰ গৰাকীৰ ঘৰত থকা তাঁতশালত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা অহা পুৰুষ-মহিলা শিপিনীয়ে তাঁত বোৱাৰ লগতে একাংশ লোকে গৰাকীৰ পৰা তাঁতশাল আৰু কেঁচা সামগ্ৰী নি নিজৰ ঘৰতে তাঁত বৈ জীৱিকা নিৰ্বাহ কৰি আহিছে।
দ্বিতীয় শুৱালকুচি সদৃশ জিলাখনৰ কচুৱাৰ গেৰেজাই পামৰ তাঁতশিল্প উদ্যোগটো এতিয়া অস্তিত্বৰ সংকটত পৰিছে । এই তাঁতশিল্পৰ জৰিয়তে জীৱনৰ বাট বুলিছিল গেৰেজাই পাম অঞ্চলৰ ৰাঙলু বস্তি, চানখোলা, সোণাৰুগুৰি, কান্দাপাৰা, কচুৱা, জাৰণি বস্তি, নাথ বস্তি, সাতলুঙা, উপৰ কাহোণ্ডা, ৰজা আলি, তিনি আলি, আলি টাঙণি, হালধি আটি, জুৰিৰ পাৰ, কালিবাৰী পট্টি, ২ নং কচুৱা, শ্মশান পল্লী আদিৰ কে’বাহেজাৰো শিপিনী আৰু শ্ৰমিকে ।
ইয়াৰ শিপিনী সকলে গামোচা, আৰনাই, চাদৰ মেখেলা, কেঁচাপাটৰ ৰিহা, শাৰী, জনজাতীয় সাজ-পাৰ আদি উৎপাদন কৰে। হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ শিপিনী সকলে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি অতি কষ্টৰে দৈনিক ২৫০-৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। তাঁতশালত কাপোৰ বৈ দৈনিক মজুৰি বাবদ পোৱা পইছা কেইটাৰে কোনোমতে পৰিয়াল পোহ-পাল দি আহিছে কুটিৰ শিল্প উদ্যোগটোৰ লগত জড়িত লোকসকলে।
এই তাঁতশিল্পৰ লগত অঞ্চলটোৰ প্ৰায় ৪০ শতাংশ মহিলা জড়িত হৈ আছে। ৰঙালী বিহুৰ সময়ত ইয়াৰ শিপিনী সকলে বস্ত্ৰ সামগ্ৰী উৎপাদন কৰি অধিক উপাৰ্জন কৰে। এইবাৰ তলাবন্ধৰ বাবে এয়া সম্ভৱ হৈ নুঠিল । ইয়াৰ মাজতে শিপিনী সকলক মাধমাৰ দি ভূতৰ ওপৰত দানহ পৰাদি বহিঃ ৰাজ্যৰ গামোচা সৰবৰাহ হৈ থকাত এতিয়া ইয়াৰ শিপিনী সকলে গামোছা ববলৈ প্ৰায় এৰি দিছে। তলাবন্ধ কিছু শিথিল হোৱাত ইয়াৰ শিপিনী সকল কামত পুনৰ জড়িত হৈ পৰিছে যদিও বজাৰৰ অভাৱত শিপিনী সকল সমস্যাৰ সন্মুখীন হৈছে।
নাথ বস্তিৰ মায়া ৰাণী দেৱীয়ে বিগত কেইবা বছৰ ধৰি তাঁত বৈ উৎপাদিত বস্ত্ৰ সামগ্ৰী বিক্ৰী কৰি হোৱা উপার্জনেৰে পৰিয়ালন পোহ-পাল দি আহিছে। চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত এই গৰাকী মহিলা এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ কথা অৱগত কৰি তেওঁ কয়, “এইবাৰ আমি এই ব্যৱসায়ত ভীষণ ক্ষতিৰ সন্মুখীন হৈছো । উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰিব পৰা নাই।”
গাঁও খনৰে অন্য এজন ব্যক্তি পৰিমল দেৱনাথে কয়, “বিগত প্ৰায় ২৫ বছৰ ধৰি মই এই শিল্পৰ লগত জড়িত হৈ আছো । পৰিয়ালৰ লোকৰ লগতে অন্য সহায়কাৰী নিয়োগ কৰি এই ব্যৱসায় চলাই আহিছিলোঁ যদিও এইবাৰ কৰ’নাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আমাৰ এই ব্যৱসায়ৰ বহু ক্ষতি হৈছে। উৎপাদিত সামগ্ৰী বজাৰলৈ নিব পৰা নাই। চৰকাৰেও আমাক সাহায্য প্ৰদান কৰা নাই।”
একেই মন্তব্য কৰিছে ৰূপম দেৱনাথ, সুধংশু দেৱনাথ, জহিৰ আলি, ফিৰোজা বেগম, স্বপ্না পাল, ছায়া ৰাণী মণ্ডল আদিয়ে। তলাবন্ধৰ পূৰ্বে গেৰেজাই পাম অঞ্চলৰ তাঁতশালৰ শব্দই অঞ্চলটো ৰজনজনাই আছিল। এতিয়া সেই পৰিৱেশ প্ৰায় নোহোৱাৰ দৰে হৈছে । এতিয়া চৰম অৰ্থ সংকটৰ সন্মুখীন হৈছে অঞ্চলটোৰ চাৰি সহস্ৰাধিক শিপিনী আৰু তাঁতশালৰ মালিক-কৰ্মচাৰী ।
তলাবন্ধৰ সময়ত এই সকলক চৰকাৰী ভাৱে আৰু আন অনুষ্ঠানে কিছু পৰিমাণৰ খাদ্য সামগ্ৰীৰ যোগান ধৰিছে যদিও এই শিল্প কৰ্ম জীয়াই ৰাখিবৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । কিছুদিন পূৰ্বে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ এটা দল অঞ্চলটোৰ তাঁতশিল্পত সৃষ্টি হোৱা সমস্যাৰ বুজ ল’বলৈ গৈ অঞ্চলবাসীক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হ’ল। সেয়ে স্থানীয় লোকে অঞ্চলটোৰ এই তাঁতশিল্প জীয়াই ৰাখিবৰ বাবে চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।