আমাৰ সকলোৰে পাকঘৰত সহজতে পোৱা এবিধ সামগ্ৰী হ’ল বেচন । পকৰীৰ পৰা আৰম্ভ কৰি মিঠাইলৈকে বিভিন্ন বস্তু তৈয়াৰ কৰা হয় বেচনেৰে। কিন্তু আপুনি জানেনে, বেচন আপোনাৰ চুলি কাৰণে অত্যন্ত লাভদায়ক।
কাৰণ বেচনৰ দ্বাৰা চুলি সৰা, উফিৰ লগতে আন বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ বেচনে আমাৰ চুলিত থকা তেল নিয়ন্ত্ৰণ কৰে ৷ লগতে চুলিৰ বৃদ্ধিত সহায় কৰে। বেচন ব্যৱহাৰ কৰিলে আমাৰ চুলি ঘন হোৱাৰ লগতে চুলিক কণ্ডিচনো কৰে ৷
আহক চাওঁ চুলিৰ কাৰণে ঘৰতে তৈয়াৰ কৰিব পৰা উপকৰণ-
চুলি বৃদ্ধি কৰিবলৈ ১কাপ বেচন, ১ চামুচ বাদাম পাউদাৰ, ২টা ভিটামিন ই কেপচুল, ১ চামুচ জলফাই তেল ল’ব লাগে । প্ৰথমতে এটা পাত্ৰত বাদাম পাউদাৰ, জলফাই তেল, বেচন আৰু ভিটামিন ই কেপচুল মিহলাই পেষ্ট তৈয়াৰ কৰি চুলিত লগাব লাগে । যেতিয়া চুলিত এই পেষ্টটো শুকাই যাব ৷ তেতিয়া ঠাণ্ডা পানীৰে ধোব । এই পেকটো সপ্তাহত দুবাৰকৈ লগাব পাৰে ৷
ধূলি, ৰ’দ আদি বিভিন্ন কাৰণত শুকাই যোৱা চুলিৰ কাৰণে পানী আৰু বেচন মিহলাই পেষ্ট তৈয়াৰ কৰি প্ৰায় ১০ মিনিট চুলিত লগালে সুফল লাভ কৰিব পাৰি ।
আনহাতে চুলিত বেচনৰ লগত মৌ, নাৰিকল তেল আৰু আৱশ্যক অনুযায়ী পানী লৈ এটা পেক তৈয়াৰ কৰি চুলিৰ গুৰিৰ পৰা মাচাজ কৰিলেও সুফল লাভ কৰিব পাৰি । গতিকে বেচন কেৱল খাদ্য হিচাপে ব্যৱহাৰ নকৰি চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰাটো আপুনি ব্যৱহাৰ কৰিব পাৰে ৷