মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ, মাধৱদেৱ গুৰু দুজনাৰ পৰৱৰ্তী সময়ত যি কেইজন ধৰ্মচাৰ্যই ভক্তি আন্দোলনৰ গুৰি ব’ঠা ধৰিছিল সেইসকলৰ ভিতৰত ভৱানীপুৰীয়া শ্ৰীশ্ৰী গোপাল দেৱ অন্যতম । বিশাল ব্যক্তিত্বৰ অধিকাৰী এই গুৰুজনাই সমাজৰ তথাকথিত পিছপৰা শ্ৰেণীৰ লোকসকলক আকোঁৱালি লৈ ভক্তি ধৰ্মৰ জৰিয়তে এখন শ্ৰেণীহীন, বৰ্ণবৈষম্যহীন সমাজ গঠন কৰিবলৈ সক্ষম হৈছিল ।
সেয়েহে মহাপুৰুষীয়া ভক্তি ধৰ্মৰ ধাৰাটোক সমগ্ৰ অসমতে বিয়পাই নিয়াৰ উদ্দেশ্যে গোপালদেৱে তেওঁৰ ভক্ত সকলৰ ভিতৰত ছজন কায়স্হ, ছজন ব্ৰাহ্মণক ধৰ্মাচাৰ্য পাতি ধৰ্মপ্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু সেইসকলেই সমগ্ৰ অসমতে বিভিন্ন স্হানত সত্ৰ প্ৰতিষ্ঠা কৰিছিল। যাক কাল সংহতি আখ্যা দিছিল ।
সেয়ে গোপালদেৱ আৰু পৰৱৰ্তী গুৰুসকলৰ ৰচনাৱলী, ঐতিহাসিক ক্ষেত্ৰ সমূহ, কীৰ্তিচিহ্ন সমূহৰ উপযুক্ত সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰৰ তৰফৰ পৰা উপযুক্ত ব্যৱস্হা গ্ৰহণ নকৰাত গোপাল দেৱ পন্হী সমাজৰ উমৈহতীয়া মঞ্চ শ্ৰীশ্ৰী গোপাল দেৱ সেৱক সমাজ অসমে যোৱা ৭ ছেপ্টেম্বৰত যোৰহাট আৱৰ্ত ভৱনত প্ৰধান সম্পাদক মুনু বৰুৱাৰ নেতৃত্বত অন্যতম সদস্য নৱজ্যোতি মহন্ত, বিনয় মহন্ত তিনিজনীয়া প্ৰতিনিধি দলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি সাত দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
উল্লেখ্য যে বিচক্ষণ সমাজ সংগঠক ,বিশাল ব্যক্তিত্বৰ অধিকাৰী গোপালদেৱে সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ আজি পৰ্যন্ত উচিত মূল্যায়ন নোহোৱাত স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি অগ্ৰাধিকাৰ ভিত্তিত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে ।
বিশেষকৈ পুৰণি ভৱানীপুৰ সত্ৰৰ বেদখল হৈ থকা দুহেজাৰ বিঘা আৰু কালঝাৰ সত্ৰৰ বেদখলীকৃত ভূমিসমূহ ক্ষীপ্ৰতাৰে দখল মুক্ত কৰি ভৱানীপুৰ সত্ৰ, কালঝাৰ সত্ৰ, নাজিৰাস্হিত গোপালদেৱ জন্মস্হান আদিৰ আন্ত: গাথঁনি উন্নয়ণ কৰি পৰ্যটনৰ থলী গঢ় দিয়া, গোপালদেৱৰ নামত বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা কৰা, ৰাজ্যিক বটাঁ প্ৰদান কৰা আদিকে অন্যান্য দাবী পূৰণৰ আশ্বাস দিয়ে ।
প্ৰতিনিধি দলটোৱে গোপালদেৱ সমাজৰ হৈ মুখ্যমন্ত্ৰীক সমাজৰ প্ৰতীক চিহ্নৰ স্মাৰক, এখনি চেলেং, শৰাই আৰু এটি কিতাপৰ টোপোলা উপহাৰ দিয়ে ।