কৃষি বিধেয়কক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিপ্ৰেক্ষিতত ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন সাংসদ নিলম্বন

Parliament

কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি কৰা উত্তপ্ত পৰিবেশৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন বিৰোধী সাংসদক আজি নিলম্বন কৰা হয় । চৰকাৰৰ ফালৰ পৰা এই সাংসদসকলক নিলম্বন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল ৰাজ্যসভাত ৷

আনহাতে যিসকল সাংসদক নিলম্বন কৰা হ’ল তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন, সঞ্জয় সিং, ডোলা সেন, ৰাজীৱ চাটব, ৰিপুন বৰা আদি । ভেংকয়া নাইডুয়ে TMCৰ সাংসদ ডেৰেক অ’ ব্ৰায়নক সংসদৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়ে ৷

এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিয়ে কয়, “কালি যি ঘটনা সংঘটিত হ’ল তাক লৈ মই দুখ প্ৰকাশ কৰিছো । একাংশ সদস্যই উপসভাপতিৰ ফালে ৷ উপসভাপতিৰ মতে অশ্লীল শব্দও কয় ৷” নাইডুয়ে লগতে কয় যে সংসদৰ মাইকক ভঙাটো নিন্দাজনক ঘটনা ৷

ইপিনে ইয়াৰ পূৰ্বে এক বিশেষ সূত্ৰৰ মতে পোৱা তথ্য অনুসৰি চৰকাৰে ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা সকলৰ বিৰুদ্ধে ২৫৬ৰ আধাৰত তদন্ত কৰিব পাৰে ৷

উল্লেখযোগ্য যে দেওবাৰে বিৰোধীৰ একাংশ সাংসদে সংসদত চৰকাৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে  ৷ একাংশ সদস্যই উপসভাপতিৰ কাগজ ফালি পেলায় । সঞ্জয় সিং আৰু ৰাজীৱ চাটবে অধ্যক্ষৰ সন্মুখতে টেবুলতে উঠি যায় । ডেৰেক অ’ ব্ৰায়নে সংসদৰ নীতি নিয়ম উলংঘা কৰে । একাংশ সাংসদে আসনত লগোৱা মাইক ভাঙি দিয়ে ৷ একাংশই আকৌ কৃষক বিধেয়ক ফালি পেলায় ।

আজি সংসদৰ পৰা নিলম্বন কৰা সাংসদসকল হ’লঃ
ডেৰেক অ’ ব্ৰায়ন (তৃণমূল কংগ্ৰেছ)
সঞ্জয় সিং(আপ)
ৰাজীৱ চাটব(কংগ্ৰেছ)
কে কে ৰাগেশ (চি পি এম)
চৈয়দ নাচিৰ হুচেইন(কংগ্ৰেছ)
ৰিপুন বৰা(কংগ্ৰেছ)
ডোলা সেন(তৃণমূল কংগ্ৰেছ)
এলামৰম কৰীম(চি পি এম)

Exit mobile version