তিনিশৰো কম কৰ্মীযুক্ত প্ৰতিষ্ঠানত ছাটাইৰ বাবে নালাগে কোনো অনুমোদন

migrant population e1586207940666

কৃষি বিধেয়কক লৈ সংসদৰ চলিত অধিবেশনত অভূতপূৰ্ব বাদ প্ৰতিবাদৰ মাজতে দেশত শ্ৰমিকৰ প্ৰতিবাদৰ অধিকাৰ বন্ধ হ’বলৈ ওলাইছে । শ্ৰমিক ছাটাইৰ বিৰুদ্ধে আৰু তেওঁলোকে ধৰ্মঘট কৰিব নোৱাৰিব ৷ পৰিৱৰ্তে ইচ্ছা কৰিলেই তেওঁলোকক দমন কৰিব পাৰিব সংশ্লিষ্ট উদ্যোগ প্ৰতিষ্ঠানে ৷ লোকসভাত ইণ্ডাষ্ট্ৰিয়েল ৰিলেছন কোড বিল ২০২০ ত সংশোধনৰ প্ৰস্তাৱ দিছে কেন্দ্ৰই ।

এই মৰ্মে তিনিশ বা তাতকৈ কম কৰ্মী সম্পন্ন প্ৰতিষ্ঠানে চৰকাৰী অনুমতি অবিহনেই নিজে ইচ্ছানুসৰি যাতে কৰ্মী নিয়োগ বা ছাটাই কৰিব পাৰে তাৰ সপক্ষে ব্যৱস্থা সংলগ্ন কৰা হৈছে । অৰ্থাৎ এই বিধেয়ক গৃহীত হৈ আইনত পৰিণত হ’লে এইবাৰৰ পৰা যেতিয়াই যিদৰে ইচ্ছা কৰ্মী নিয়োগ আৰু ছাটাই কৰিব পাৰিব প্ৰতিষ্ঠানসমূহে ৷ তাৰ বাবে চৰকাৰৰ পৰা কোনো অনুমতি ল’ব নালাগে ।

ইমানদিনে যিবোৰ প্ৰতিষ্ঠানৰ কৰ্মী এশৰ কম,তেওঁলোকৰ বাবে এই সুবিধা উপলব্ধ আছিল । দীৰ্ঘদিন ধৰি এই ক্ষেত্ৰত সালসলনি ঘটোৱাৰ চেষ্টা অব্যাহত আছিল কেন্দ্ৰৰ। ইয়াকে লৈ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয় আৰু শ্ৰমিক সংগঠনৰ মাজত সংঘাতময় পৰিস্থিতি চলি আছিল । এই অৱস্থাত কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী সন্তোষ গাঙ্গোৱাৰে লোকসভাত বিধেয়কখন উত্থাপন কৰে ।

কংগ্ৰেছসহ বিৰোধীৰ প্ৰতিবাদ অগ্ৰাহ্য কৰি তেওঁ বিধেয়কত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে ৷ ২০১৯ ত প্ৰথমবাৰ এই বিধেয়ক লোকসভাত উত্থাপন কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱসমূহ বিচাৰ বিবেচনা কৰিবলৈ বিধেয়কখন সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয় ।

সেই সময়ত বিধেয়কৰ খচৰাত উল্লিখিত প্ৰস্তাৱক লৈ শ্ৰমিক সংগঠনৰ স’তে কেন্দ্ৰৰ বিৰোধৰ সৃষ্টি হয় ৷ যাৰ বাবে তিনিশৰো অধিক বেছি কৰ্মীযুক্ত সংস্থাসমূহৰ হাতত এই ক্ষমতা তুলি দিয়াৰ বিষয়টো বিধেয়কৰ অন্তভূক্ত কৰা নহ’ল ।

চলিত বৰ্ষৰ আৰম্ভণিতে তিনিশৰো কম সংখ্যক কৰ্মীযুক্ত প্ৰতিষ্ঠানসমূহক ব্যয় কমাবলৈ চৰকাৰী অনুমতি অবিহনে কৰ্মী ছাটাই বা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ অনুমতি দিয়ে সংসদীয় কমিটিয়ে । কেন্দ্ৰীয় চৰকাৰৰ দাবী অনুসৰি কৰ্ম সংস্থাপন বাঢ়িছে আৰু ছাটাইত লেকাম লাগিছে । এই ধাৰণা লৈয়ে দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিলেছন কোড ২০২০ ৰ ৭৭ ধাৰা সংযোজনৰ প্ৰস্তাৱ দিছে কেন্দ্ৰই ।

ফলত যিসমূহ উদ্যোগ প্ৰতিষ্ঠানৰ কৰ্মীৰ সংখ্যা তিনিশ বা তাৰ বেছি আৰু সমগ্ৰ বছৰে কাম চলি থাকে আৰু য’ত কৰ্মচাৰীয়ে পূৰ্বৱৰ্তী ১২ মাহ গড় কৰ্ম দিৱস মানি কাম কৰিছে সেই সমস্ত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কৰ্মী ছাটাই, ব্যয় হ্ৰাসৰ বাবে কৰ্মী সংখ্যা হ্ৰাস আৰু প্ৰয়োজনত প্ৰতিষ্ঠান বন্ধ কৰাৰ বিষয়টো কাৰ্যকৰী হ’ব ৷

সংসদৰ স্থায়ী সমিতিৰ পৰা বিধেয়ক কালি গাঙ্গোৱাৰে সংসদত উত্থাপন কৰে ৷ ২৩৩ৰ ভিতৰত চৰকাৰৰ ১৭৪ টা প্ৰস্তাৱ কমিটিয়ে মানি লৈছে বুলি তেওঁ জনায়।

Exit mobile version