কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ বিটিএডি আৰ্মী নিষিদ্ধৰ দাবী উত্থাপন কৰিছে পিপলচ ডেম’ক্ৰেটিক মুভমেন্ট ফৰ বড়োলেণ্ডৰ সভাপতি জেব্ৰাৰাম মুচাহাৰীয়ে । আজি চিৰাঙৰ বিজনীত আয়োজিত এক সংবাদ মেলত কয় যে আমি পিপলচ ডেম’ক্ৰেটিক মুভমেন্ট ফৰ বড়োলেণ্ড মুভমেন্ট, বড়ো সাহিত্য সভা আৰু বড়ো মহিলা কল্যান ফেডাৰেচনৰ ১২ জনীয়া দল এটাই ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সহ তিনিজন মন্ত্ৰী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, চন্দন ব্ৰহ্ম আৰু অতুল বৰাক সাক্ষাৎ কৰি ৯ দফীয়া দাবী সম্বলিত স্মাৰক প্ৰদান কৰে মুখ্যমন্ত্ৰীক ।
মূলতঃ বিটিচিত ৰাজ্যপালৰ শাসনৰ অন্ত পৰাৰ পুৰ্বেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় । মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ স’তে গুৰুত্ব সহকাৰে আলোচনাত মিলিত হয় আৰু অতি কম দিনৰ ভিতৰতে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । সংবাদ মেলত জেব্ৰাৰাম মুচাহাৰীয়ে বিটিএডি আৰ্মীক গৰিহণা জনায় । যি উদ্দেশ্য লৈ বিটিএডি আৰ্মী গঠন কৰিছে তাৰ পৰিপন্থী কাম কৰাৰ অভিযোগ কৰি তেওঁ কয় যে বিটিচিত বড়ো-অবড়োৰ মাজত সংঘাত সৃষ্টিৰ উদ্দেশ্য অন্তৰ্নিহিত কৰি বিটিএডি আৰ্মী গঠন কৰিছে ।
লগতে কয় যে আমি বিটিচি বাসী হিচাপে সেয়া মানি ল’ব নোৱাৰো । ৩৫ বছৰীয়া সশস্ত্ৰ সংগ্ৰাম এৰি বিটিচিত শান্তি স্থাপনৰ বাবে আগবাঢ়ি আহিছে সশস্ত্ৰ সংগ্ৰামী সংগঠন সমূহ, বিশেষকৈ এনডিএফবি । আমি এতিয়া বিটিচিত শান্তি বিচাৰিছো । কোনোপধ্যেই কোনো অশান্তি নিবিচাৰোঁ আমি। বিটিএডি আৰ্মীৰ সদস্য কিমান সেয়া আমি নাজানো। সকলোৱে আগবাঢ়ি আহি শান্তিৰ বাবে কাম কৰাটো আমি বিচাৰো । সংবাদমেলত পিপলচ ডেম’ক্ৰেটিক মুভমেন্ট ফ’ৰ বড়োলেণ্ডৰ সভাপতি জেব্ৰাৰাম মুচাহাৰী সহ কোষাধ্যক্ষ পৰি বসুমতাৰী, আন এজন কোষাধ্যক্ষসহ কে’বাজনো লোক উপস্থিত থাকে।