নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত উত্তপ্ত পৰিস্থিতি

nagaon 2

পলিথিনেৰে প্ৰায় দুদিন ধৰি মেৰিয়াই ৰখা এজন ক’ভিড ৰোগীৰ মৃতদেহ । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হাস্পতালত চিকিৎসাধীন এজন ক’ভিড ৰোগীৰ মৃতদেহটো বিগত দুদিন ধৰি চিকিৎসালয়খনৰ বিচনাতে পৰি থকাক লৈ অস্বস্তিত পৰিছে চিকিৎসালয়খনৰ চিকিৎসাধীন অন্যান্য ক’ভিড ৰোগী সকল ।

উল্লেখ্য যে, মৰিগাঁৱৰ মিকিৰ ভেটাৰ থুলেশ্বৰ দাস নামেৰে এজন ক’ভিড-১৯ ৰোগীৰ সোমবাৰে বিয়লি মৃত্যু হৈছিল । এই মৃতদেহটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰাত অন্য ৰোগীসকলে জীয়াতু ভুগিবলগা হৈছে । এই সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই মৃতদেহটো আঁতৰাই নিবলৈ অনুৰোধ জনোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ক’ভিড ৰোগীসকল।

Exit mobile version