‘মহাত্মা গান্ধীয়ে এক আত্মনির্ভৰশীল ভাৰতৰ পৰিকল্পনা কৰিছিল, য’ত প্ৰত্যেকখন গাঁও আত্মনিৰ্ভৰ ৰূপত গঢ়ি উঠিব ।’ এইদৰে ব্যক্ত কৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১সংখ্যক জন্মজয়ন্তীৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে মহান মহিষীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । যিজন মহিষীৰ জীৱন আৰু চিন্তা ভাৱনা আজিও প্ৰাসংগিক সেইজন মহাত্মা গান্ধীৰ পৰা শিকিবলগা বহুখিনিয়ে আছে । নৰেন্দ্ৰ মোদীয়ে তেখেতৰ জীৱনৰ ওপৰত এক চমু বক্তব্য আগবঢ়াই এটা ভিডিঅ’ শ্বেয়াৰ কৰে ।
We bow to beloved Bapu on Gandhi Jayanti.
There is much to learn from his life and noble thoughts.
May Bapu’s ideals keep guiding us in creating a prosperous and compassionate India. pic.twitter.com/wCe4DkU9aI
— Narendra Modi (@narendramodi) October 2, 2020
তেওঁ লিখে যে, ‘২ অক্টোবৰৰ দিনটো আমাৰ সকলোৰে বাবে পবিত্ৰ আৰু প্ৰেৰণাদায়ক দিন । গান্ধীৰ চিন্তা চৰ্চা আৰু আদৰ্শ আজিও প্ৰাসংগিক। মহাত্মা গান্ধীয়ে “বসুদেৱ কুটুম্বকম” অৰ্থাৎ সমগ্ৰ পৃথিৱী এক পৰিয়াল এই কথাষাৰ বিশ্বাস কৰিছিল আৰু সত্য, অহিংসা আৰু সত্যাগ্ৰহৰ মাধ্যমেৰে ৰাষ্ট্রক পথ দেখুৱাইছিল ।’
আনহাতে, আজি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গান্ধীৰ জন্মজয়ন্তীত তেঁওক ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
"The Mahatma’s life was his message. Gandhiji sacrificed his life for the upliftment of the downtrodden, and the empowerment of Indians." — President Kovind writes homage to Mahatma Gandhi on #GandhiJayanti https://t.co/s2VohrHhap @HindustanTimes
— President of India (@rashtrapatibhvn) October 2, 2020
উল্লেখ্য যে, ১৮৬৯ৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰা মহাত্মা গান্ধীয়ে অহিংসাক পৰম ধৰ্ম হিচাপে গ্ৰহণ কৰি ঔপনিবেশিক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল । স্বৰাজ আৰু অহিংসাৰ প্ৰতি অটল বিশ্বাসী বাপু নামেৰে গান্ধী সমগ্ৰ বিশ্বতে পৰিচিত । আনহাতে, বিশ্বব্যাপী আজি অৰ্থাৎ ২অক্টোবৰৰ দিনটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয় ।
Delhi: President Ram Nath Kovind pays tribute to #MahatmaGandhi at Raj Ghat, on his birth anniversary today. pic.twitter.com/vnwQPamwmj
— ANI (@ANI) October 2, 2020