অজয় দেৱগণৰ ভাতৃ অনিল দেৱগণৰ মৃত্যুৰ পাছত কাজলে কি শ্বেয়াৰ কৰিলে : চাওঁক সবিশেষ

Kajol Heiress to a rich legacy

অজয় দেৱগণৰ ভাতৃ তথা চিত্ৰনির্মাতা অনিল দেৱগণৰ মৃত্যুৰ পিছত কাজলে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰে । দুৰ্গা পূজাৰ মণ্ডপৰ এখন ফটো শ্বেয়াৰ কৰি লিখে যে, “এইবাৰ দেৱগণৰ পৰিয়ালে দুৰ্গা পুজাৰ উৎসৱ উদযাপন নকৰে ।” লগতে লিখে যে, “এই কঠিন সময়ত মা দুৰ্গাৰ আশীৰ্বাদৰ সঁচাকৈ প্রয়োজন আছিল ।

এই বর্ষত কোনো ধৰণৰ পুজা উদযাপন কৰা নহ’ব । কিন্তু মই জানো মা দুৰ্গাৰ আশীৰ্বাদ সদায় মোৰ লগত আছে ।” উল্লেখ্য যে, ভাতৃ অনিল দেৱগণৰ মৃত্যুৰ সন্দৰ্ভত অজয় দেৱগণে মঙলবাৰে টুইট কৰিছিল । লগত লিখিছিল যে, কৰ’না মহামাৰীৰ বাবে প্রাৰ্থনা সভা অনুষ্ঠিত কৰিব পৰা নগ’ল ।

আনহাতে, শেহতীয়াভাৱে কাজল আৰু অজয় দেৱগণক একেলগে দেখা পোৱা গৈছিল “Tanhaji: The Unsung Warrior”ত । অজয় দেৱগণৰ আহিবলগীয়া ছবিসমূহ হ’ল – Maidan, Sooryavanshi and Bhuj: The Pride Of India.

Exit mobile version