ADVERTISEMENT
কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি দলৰ নেতা ৰাম বিলাস পাছৱানৰ আজি চিকিৎসালয়ত মৃত্যু হয় ।
মৃত্যুৰ সময়ত প্ৰয়াত পাছৱানৰ বয়স আছিল ৭৪ বছৰ ৷
টুইটাৰযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পুত্ৰ চিৰাগ পাছৱানে প্ৰকাশ কৰে ‘দেউতা এতিয়া আপুনি এই পৃথিৱীত আৰু নাই। কিন্তু মই জানো আপোনি য’তেই নাথাকক কিয়, সদায় মোৰ স’তে সদায় থাকিব।’
উল্লেখ্য যে, ৪ অক্টোবৰত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল পাছৱানক। সেই দিনাই নিশা চিকিৎসালয়ত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল তেওঁৰ।