আজি বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখাৰ ৬৬ সংখ্যক জন্মদিন ৷১৯৫৪ ৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখাই ।৬৬বছৰ বয়সতো ৰেখাৰ সৌন্দৰ্য হ্ৰাস পোৱা নাই ।ৰেখাৰ সৌন্দৰ্যই আজিও বলীউডৰ বহু অভিনেত্ৰীৰ সৌন্দৰ্যক ম্লান কৰি দিয়ে ৷
ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি ছবিৰ কেৰিয়াৰলৈকে ৰেখাৰ জীৱনত বহু উত্থান পতনেৰে ভৰপূৰ। এসময়ত জীৱনৰ উত্থান পতনত ৰেখা ভাগি পৰিছিল। কিন্তু হাৰ মনা নাছিল ৰেখাই ।জীৱনৰ প্ৰত্যাহ্বানসমূহক অতিক্ৰম কৰে আগুৱাই গৈছিল ৰেখা ।
১৯৬৬ ৰ দক্ষিণ ভাৰতৰ ছবি “ৰংগুলা ৰতন্ম”ৰ জৰিয়তে ৰেখাই ছবি জগতত আত্ম প্ৰকাশ কৰিছিল। ৰেখাই প্ৰায় ১৭৫ খন বলীউড আৰু বহু দক্ষিণ ভাৰতৰ ছবিত অভিনয় কৰিছিল ।ইয়াৰ ভিতৰত “খুবচুৰত,”খুন ভৰী মাংগ,খুন অ’ৰ পচীনা,মুকদ্দৰ কা চিকন্দৰ আৰু উমৰাও জান” আদি ছবিত অভিনয় কৰিছে ।
ৰেখাই তিনিবাৰ ফিল্মফেয়াৰ আৰু এবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল । তদুপৰি ৰেখাক ভাৰত চৰকাৰৰ ফালৰ পৰা পদ্মশ্ৰী উপাধিও প্ৰদান কৰা হৈছে ।
১৯৯০ ত দিল্লীৰ উদ্যোগপতি মুকেশ আগৰৱালৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৰেখা। অৱশ্যে এই বিয়া বেছিদিন নিটিকিল। কিছুদিনৰ পাছত মুকেশ অগ্ৰৱালে আত্মহত্যা কৰে। কিন্তু ৰেখাই আজিও শিৰত সেন্দুৰ লয়।
ৰেখাই নিজৰ বিয়াৰ পূৰ্বে নীতু সিং আৰু ঋষি কাপুৰৰ বিয়াত সেন্দুৰ লৈ যায় ।ইয়াৰ পাছত ২০০৮ ত এৱাৰ্ড সমাৰোহতো ৰেখাই সেন্দুৰ লোৱা দেখা যায় । কিন্তু এতিয়াও ৰেখাই কিয় সেন্দুৰ লয় সেয়া ৰহস্য হৈয়ে আছে ৷
ৰেখাৰ লগত প্ৰেমৰ সম্পৰ্কত নবীন নিশ্ৰল,জীতেন্দ্ৰ,বিনোদ মেহৰা,বিশ্বজিৎ আৰু শত্ৰুঘ্ন সিন্হাৰ দৰে ব্যক্তি আহিছিল। কিন্তু ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ লগত থকা ৰেখাৰ সম্পৰ্কই বহু চৰ্চা লাভ কৰে ৷
কিন্তু কেতিয়াও দুয়োজন নিজৰ সম্পৰ্কৰ কথা স্বীকাৰ নকৰিলে।দুয়োজনক শেষবাৰৰ কাৰণে “চিলচিলা”নামৰ ছবিখনত একেলগে দেখিবলৈ পোৱা যায় ।এই ছবিখনত জয়া বচ্চনে অভিনয় কৰিছিল।উল্লেখযোগ্য যে ,এই ছবিখন ৰেখা,অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ জীৱনৰ ওপৰত কেন্দ্ৰীত বুলি চৰ্চা লাভ কৰি আহিছে ৷