অসমলৈ চীনৰ পৰা আহিছে অবৈধ অস্ত্ৰ

Xi Jinping Reuters L

China Vice-President Xi Jinping stands during a trade agreement ceremony between the two countries at Dublin Castle in Dublin, Ireland February 19, 2012. REUTERS/David Moir (IRELAND - Tags: POLITICS BUSINESS HEADSHOT) - RTR2Y43M

অসমৰ উগ্ৰপন্থীক চীনে যোগান ধৰিছে,গোলাবাৰুদ আৰু অস্ত্ৰ শস্ত্ৰ । সম্প্ৰতি এই উদ্বেগজনক তথ্য লাভ কৰিছে বৈদেশিক মন্ত্ৰণালয়ৰ চোৰাংচোৱাই ৷ ইতিমধ্যে এই সম্পৰ্কীয় বিস্তৃত প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ক দাখিল কৰা হৈছে  ৷ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থীক অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছে ৰঙা চীনে ৷

বৈদেশিক মন্ত্ৰণালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক দাখিল কৰা প্ৰতিবেদন অনুসৰি চীনৰ পৰা বিপুল পৰিমাণৰ গোলাবাৰুদ আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটলৈ সৰবৰাহ কৰা হৈছে ৷ বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ যে চীনৰ পৰা বিপুল অস্ত্ৰ ভাণ্ডাৰ থাইলেণ্ড হৈ ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছিল জাহাজেৰে ৷ থাইলেণ্ডত এই জাহাজখন জব্দ কৰা হয় আৰু ছজন লোক গ্ৰেপ্তাৰ কৰা হয় ৷ অৱশ্যে তেওঁলোক কোনো চীনৰ নাগৰিক নহয় ।

সম্প্ৰতি সোধপোছ অব্যাহত আছে । ৰয়েল থাই আৰ্মীয়ে জনোৱা মতে, বিপুল পৰিমাণৰ এ কে ৪৭ আৰু এম ৩৩ এছল্ট ৰাইফল তথা বিস্ফোৰক উদ্ধাৰ কৰা হৈছে জাহাজসমূহ ৷ ভাৰতে এই সম্পৰ্কত বিতং তথ্য সদৰী কৰিবলৈ বেংকক অনুৰোধ জনাইছে ৷ একে সময়তে ম্যানমাৰৰ স’তেও আলোচনা অব্যাহত আছে নতুন দিল্লীৰ ৷

বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ যে চীনৰ পৰা নতুনকৈ অস্ত্ৰৰ সৰবৰাহ আৰম্ভ হৈছে দক্ষিণ পূব এছিয়ালৈ ৷ এই সকলো অস্ত্ৰ শস্ত্ৰৰ অন্যতম গন্তব্য স্থান হৈছে অসম নাগালেণ্ড মিজোৰামৰ দৰে ৰাজ্য ৷ গৃহ মন্ত্ৰণালয়ৰ বিষয়াই কয় “এই অস্ত্ৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনৰ কাৰণে সৰবৰাহ কৰা হৈছিল নেকি সেয়া পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে ৷ এই সৰবৰাহৰ পথ সম্প্ৰতি পুনৰ জাগ্ৰত হোৱাটো উদ্বেগজনক ৷” সূত্ৰত প্ৰকাশ যে অস্ত্ৰ শস্ত্ৰৰ ব্যৱসায়ৰ বাবে চীনৰ এতিয়া অন্যতম মূল লক্ষ্য হৈছে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাসজৰ্জৰ অঞ্চলসমূহ।

Exit mobile version