আজি কামৰূপ মহানগৰ জিলাৰ উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই বশিষ্ঠ অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । অভিযানত বুজন পৰিমাণৰ চুলাই মদ জব্দ কৰাৰ লগতে এগৰাকী মহিলা সহ দুজন সুৰা বিক্রেতাক আটক কৰিবলৈ সক্ষম হয় ।
ADVERTISEMENT
লগতে উক্ত অভিযানত ৰাজহুৱা স্থানত সুৰাপান কৰা অৱস্থাত ৬ জন লোকক আটক কৰা হয় । সুৰা বিক্রেতা দুজনৰ বিৰুদ্ধে অসম আবকাৰী এই ৫১ (১) ক ৰ অধীনত গোচৰ ৰজু কৰি আদালতত হাজিৰ কৰোৱাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হয় । আনহাতে উক্ত সুৰাপায়ী সকলৰ বিৰুদ্ধে আবকাৰী আইন ৬১ ( ক ) ৰ অধীনত ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত জৰিমনা বিহা হয় ।