উত্তৰ প্ৰদেশৰ হাথৰছত দলিত যুৱতীৰ লগত হোৱা দলবদ্ধ ধৰ্ষণৰ সন্দৰ্ভত চিবিআইয়ে কৰা তদন্তত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ৷ বিগত মাহত দিল্লীৰ এখন চিকিৎসালয়ত দলবদ্ধ ধৰ্ষণৰ সন্মুখীন হৈ প্ৰাণত্যাগ কৰিছিল ২০ বছৰীয়া যুৱতীগৰাকীয়ে । ইয়াৰ পাছতেই উত্তৰ প্ৰদেশৰ প্ৰশাসনে নিশাৰ অন্ধকাৰত শেষকৃত্য সম্পন্ন কৰিছিল যুৱতীগৰাকীৰ ৷
উচ্চতম ন্যায়ালয়ক ৰাজ্য চৰকাৰে কয় যে তেওঁলোকে পীড়িতাৰ পৰিয়ালক সকলো ধৰণৰ সুৰক্ষা প্ৰদান কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ ৷ ইপিনে মংগলবাৰে চি বি আইয়ে হাথৰছ কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে ৷ উত্তৰ প্ৰদেশৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত আজি আবেদন দাখিল কৰি কয় যে পীড়িতাৰ পৰিয়াল আৰু সাক্ষীক তিনি তৰপীয়া সুৰক্ষা প্ৰদান কৰা হৈছে ।
তদুপৰি গাঁৱৰ বিভিন্ন স্থানত চি চি টি ভি কেমেৰাও স্থাপন কৰা হৈছে । উচ্চতম ন্যায়ালয়ত হাথৰছ কাণ্ডৰ শুনানি হ’ব ১৫ অক্টোবৰত ৷ আদালতে উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশ্ন কৰে যে পীড়িতা পৰিয়ালৰ আৰু এই ঘটনাৰ সাক্ষীৰ কাৰণে কি ব্যৱস্থা কৰিছে ? পীড়িতা পৰিয়ালৰ লগত কোনোবা অধিবক্তা আছেনে? আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ঘটনা সন্দৰ্ভত স্থিতি কেনে ধৰণৰ ?