মাত্র তিনি ঘণ্টা আৰু তিনি মিনিটত আন্তর্জাতিক মহাকাশ কেন্দ্ৰত বুধবাৰে উপস্থিত হ’ল ছুয়েজ মহাকাশযান । ৰুছ মহাকাশ প্রতিষ্ঠানৰ পৰা জনােৱা অনুসৰি মহাকাশত থকা গৱেষণা কেন্দ্ৰটোলৈ কৰা যাত্ৰাৰ ভিতৰত ই হৈছে সবাতােকৈ দ্রুততম । পৃথিৱীৰ পৰা মাত্র তিনি ঘণ্টাত ইয়াৰ পূর্বে মহাকাশ কেন্দ্ৰত উপস্থিত হােৱাটো সম্ভৱ হােৱা নাছিল ।
ৰুছ কছমছৰ এক টুইটত ছুয়েজ মহাকাশযানখনে মহাকাশ কেন্দ্ৰত সফলতাৰে অৱতৰণ কৰাটো নিশ্চিত কৰা হয় । অতি কম সময়ৰ অভিলেখ স্থাপন কৰি মহাকাশযানখন মহাকাশ কেন্দ্ৰটোত উপস্থিত হয় । ৰুছ কছমছৰ মুৰব্বী ডিমিট্রি ৰগ’জিনে মহাকাশযানখনৰ সুৰক্ষিত অৱতৰণৰ পাছতে আনন্দ প্রকাশ কৰাৰ লগতে এক টুইটত উল্লেখ কৰে, তিনি ঘণ্টা আৰু তিনি মিনিট ।
ৰগ’জিনে জনােৱা অনুসৰি নিৰ্ধাৰিত সময়তকৈ চাৰি মিনিট পূর্বেই মহাকাশযানখন মহাকাশ কেন্দ্ৰত উপস্থিত হ’বলৈ সক্ষম হয় । মহাকাশযানখনত ৰুছ কছমছৰ ছার্গে ৰিজহিকভ আৰু ছাৰ্গে কুড চেভৰিচকভৰ লগতে নাছাৰ পৰা কেথলিন ৰুবিনন্সে মহাকাশলৈ গৈছে।কাজাখাস্তানৰ বৈকানুৰ কছম’ড্রমৰৰ পৰা বুধবাৰে পুৱা ৫.৪৫ বজাত মহাকাশ কেন্দ্ৰলৈ বুলি মহাকাশযানখনে যাত্ৰা আৰম্ভ কৰিছিল ।
পৃথিৱীৰ পৰা সাধাৰণতে মহাকাশ কেন্দ্ৰত উপস্থিত হ’বলৈ ছঘণ্টাৰ প্রয়ােজন হয়। অৱশ্যে যাত্ৰাৰ সময় হ্রাসৰ বাবে বিগত সময়ৰে পৰা চেষ্টা কৰি অহা হৈছিল, যি প্রচেষ্টাই সাফল্য লাভ কৰে । কম সময়ৰ ভিতৰত মহাকাশ কেন্দ্ৰলৈ যাত্ৰা সম্ভৱ হােৱাৰ পাছত এতিয়া বিভিন্ন অভিযানৰ বাবে প্ৰয়ােজনীয় সামগ্রী মহাকাশ আস্থানটোলৈ প্ৰেৰণত যথেষ্ট সুবিধাজনক হ’ব ।