পহলগাম কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক প্রস্তুতি ব্যাপক কৰি তুলিছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা অনুসৰি, পহলগাম কাণ্ডৰ প্রতিশোধ ল’বলৈ চৰকাৰে পৰিকল্পনা প্রস্তুত কৰিছে।
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ সময়তে ৰাছিয়াৰ পৰা এক বিশেষ যুদ্ধাস্ত্র লাভ কৰিলে ভাৰতীয় সেনাই। যুদ্ধৰ পূর্বে ভাৰতীয় সেনাৰ অস্ত্র ভাণ্ডাৰ সমৃদ্ধি কৰিলে ৰাছিয়াৰ ইগলা এছ ক্ষেপণাস্ত্রই।
পূর্বে স্বাক্ষৰিত চুক্তিৰ অংশ হিচাপে ইগলা এছ ক্ষেপণাস্ত্র ভাৰতলৈ প্ৰেৰণ কৰিলে বাছিয়াই। প্রতিক্ষা মন্ত্রণালয়ৰ সূত্রই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি কেইসপ্তাহমানৰ পূৰ্বে ভাৰতীয় সেনাই ইগলা এছ লাভ কৰিলে।
সীমান্তত প্রতিপক্ষৰ যুঁজাৰু বিমান, হেলিকপ্টাৰ আৰু ড্র’ন আক্রমণ ব্যর্থ কৰাৰ ক্ষেত্ৰত ইগলা এছৰ প্ৰয়োগ কৰিব ভাবতে। ইগলা এছ সৰবৰাহৰ বাবে ৰাছিয়াৰ স’তে ভাবতে ২৬০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল।
এই চুক্তি অনুসৰি ভাৰতে এই বিশেষ প্রযুক্তিৰ ক্ষেপণাস্ত্র ৰাছিয়াৰ পৰা লাভ কৰিলে। ইগলা এছ হৈছে ইগলা ক্ষেপণাস্ত্রব এক উন্নত সংস্কৰণ।





























