মৃত্যুৰ স’তে যুঁজ দিছে বলিউডৰ অভিনেতাই : সহায়ৰ হাত আগবঢ়ালে চলমানে

WhatsApp Image 2020 10 16 at 5.38.48 PM

বলিউডৰ অভিনেতা ফাৰাজ খান গুৰুতৰভাৱে অসুস্থ। মস্তিষ্কৰ সংক্ৰমণত আক্ৰান্ত অভিনেতাগৰাকীয়ে বাংগালুৰুৰ এখন হাস্পতালত আইচিইউত সম্প্ৰতি মৃত্যুৰ স’তে যুজঁ দিছে ।

উল্লেখ্য যে, ৯০ ৰ দশকৰ ফৰেব, মেহেন্দি আদি ছবিত অভিনেতাজনক দেখা পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত অভিনয়ক বিদায় জনায় ফৰাজে । আনহাতে, অভিনেতা জনৰ পৰিয়ালে অনলাইন মাধ্যমেৰে চিকিৎসাৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰিছিল । প্ৰয়োজন হৈছিল প্ৰায় ২৫ লাখ টকাৰ ।

এই খবৰ পোৱাৰ লগে লগেই বলিউডৰ জনপ্ৰিয় অভিনেতা চলমান খানে সম্পূৰ্ণ দায়িত্ব ল’বৰ বাবে আগবাঢ়ি আহে । এই সন্দৰ্ভত অভিনেতা জনৰ ভ্ৰাতৃ ফাহমানে মুম্বাইৰ এক সংবাদমাধ্যমক জনায় যে, “আমি চলমান খানৰ প্ৰতি চিৰকৃতজ্ঞ। ঈশ্বৰে তেওঁক মংগল কৰক ।”

ইয়াৰ উপৰিও অভিনেতা গৰাকীক সহায়ৰ হাত আগবঢ়াইছে বলিউডৰ অভিনেত্ৰী পূজা ভাটে । চলমান খানে আগবঢ়োৱা সাহায্যৰ কথা অভিনেত্ৰী কাশ্মীৰাৰ ইনষ্টাগ্ৰাম পষ্টৰ জৰিয়তে পোহৰলৈ আহিছিল । কাশ্মীৰাই চলমান খানৰ এক ফটো সহ পষ্টটোত লিখে এনেদৰে-

Exit mobile version