মানৱদেহত কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি এইমছৰ

corona vaccine

দিল্লীস্থিত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে কোভাক্সিনৰ তৃতীয় তথা চুড়ান্ত পৰ্যায়ৰ পৰীক্ষা মানৱ দেহৰ পৰীক্ষণৰ বাবে প্ৰস্তুতি চলাইছে । সূত্ৰ অনুসৰি মানৱদেহত কোভাক্সিনৰ পৰীক্ষাৰ বাবে প্ৰস্তুতকাৰী সংস্থা ভাৰত বায়টেক ইণ্টাৰনেছনেলৰ তৰফৰ পৰা এইমছৰ কৰ্তৃপক্ষক আবেদন জনোৱা হৈছিল । এই সন্দৰ্ভত শীঘ্ৰেই আলোচনা হ’ব বুলি সূত্ৰত প্ৰকাশ ।

আনহাতে, ভাৰত বায়’টেকৰ চেয়াৰমেন কৃষ্ণ এলাই জুলাই মাহৰ আৰম্ভণিতে কৈছিল যে, আইচিএমআৰ আৰু নেচনেল ইনষ্টিটিউট অৱ বাইৰ’লজিয়ে ভাৰতত প্ৰথম কৰ’না প্ৰতিষেধক প্ৰস্তুত কৰিছে। এই প্ৰতিষেধকৰ প্ৰি ক্লিনিকেল ট্ৰায়েল সফলতাৰে সম্পন্ন হৈছে ।

উল্লেখ্য যে, সমগ্ৰ বিশ্বজুৰি ৪০ তকৈ অধিক কোম্পানীয়ে কৰ’না প্ৰতিষেধকৰ ওপৰত কাম কৰি আছে । আনহাতে ভাৰতত কমেও ৬ টাতকৈ অধিক অধ্যয়ন চলি আছে । ভাৰত বায়’টেকৰ বাহিৰেও চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, পেনেছিয়া বায়’টেক, ইণ্ডিয়ান ইমিউন’লজিকেল আৰু বায়’লজিকেল ই কে ধৰি অন্য দুটা সংগঠনে প্ৰতিষেধক প্ৰস্তুতৰ উদ্দেশ্যে কাম কৰি আছে ।

Exit mobile version