বিশ্বজুৰি মহামাৰী ক’ভিড-১৯ৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে হাজোত এক অচিন ৰোগে ত্ৰাসৰ সৃষ্টি কৰিছে । অচিন ৰোগৰ ফলত হাজোত এতিয়াও গাহৰিৰ অস্বাভাৱিক মৃত্যু অব্যাহত আছে । পুনৰ এই ৰোগৰ ফলত মৃত্যুমুখত পৰিছে প্ৰায় দুই শতাধিক গাহৰি । যাৰ ফলস্বৰূপে গাহৰি পালকে মূৰে-কপালে হাত দিছে ।
প্ৰাপ্ত তথ্য মতে, হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পুঠিমাৰী নৈৰ পাৰত অৱস্থিত বিষ্ণুপুৰ, হাদালা, সাতদলা, গেৰুৱা, বাগটা, ৰামদিয়া, বৰুৱাবাৰী আদি অঞ্চলৰ শিক্ষিত যুৱকসকলে চৰকাৰী চাকৰিৰ আশা বাদ দি বন্ধন বেংক, উজ্জীৱন, আৰোহন আদি বেংকৰ পৰা ঋণ লৈ নিজকে স্বাৱলম্বী কৰি তুলিবলৈ গাহৰিৰ ফাৰ্ম খুলিছিল ।
কিন্তু দুৰ্ভাগ্যজনকভাৱে হাজো-বিষ্ণুপুৰৰ গোবিন্দ ভৰালী, কুলেন তালুকদাৰ, দীপাংকৰ দাস, অমৰজ্যোতি প্ৰাণকৃষ্ণ, ভূপেন দাস আৰু মন্টু দাস নামৰ পালক সকলৰ ফাৰ্মত প্ৰায় দুই শতাধিক গাহৰিৰ মৃত্যু হয়।
হাজোৰ সাতদলাৰ ভুক্তভোগী বিৰেন দাসে জনোৱা মতে, মাত্ৰ এটা পষেকৰ ভিতৰতে তেঁওৰ ২৫ টা গাভিনী আৰু পোৱালি ৮৫ টাকৈ মৃত্যুমুখত পৰাৰ উপৰিও মন্টু দাসৰ এঘৰটা গাভিনী গাহৰি আৰু ৪০ টাকৈ পোৱালি, জিতু দাসৰ ১১ টা গাহৰিৰ লগতে অন্যান্য কে’বাজনৰো প্ৰায় দুই শতাধিক গাহৰিৰ মৃত্যু হয় ।
উল্লেখ্য যে, বিগত এমাহ মানৰ পৰা হাজো অঞ্চলৰ প্ৰায় ভাগ গাহৰিৰ দেহত এক অচিন ৰোগে দেখা দিছে । হাজোস্থিত পশু চিকিৎসালয়ৰ চিকিৎসক আহি চিকিৎসা প্ৰদান কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ।