বছৰৰ প্ৰায় সকলো সময়তে নদীবিলাকে পদূষণৰ সমস্যাৰে যুঁজ দিব লগা হয়; কিন্তু ভাৰতত উৎসৱৰ সময়ত এই সমস্যা অধিক বৃদ্ধি পায়। চৰকাৰৰ সমান্তৰালভাৱে বিভিন্ন সংগঠনে নদীবিলাকক প্ৰদূষণৰ সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আহিছে। অৱশ্যে ব্যক্তিগতভাৱে এনে প্ৰয়াস চলোৱাৰ নিদৰ্শন অতিকৈ বিৰল।
এই ক্ষেত্ৰত ব্যতিক্ৰম হিচাপে নিজকে উপস্থাপন কৰিবলৈ সক্ষম হৈছে নাছিকৰ চন্দ্ৰকিশোৰ পেটেল নামৰ লোকজনে। পেটেলে গোদাবৰীক প্ৰদূষণৰ পৰা উদ্ধাৰ কৰিবলৈ জীৱনৰ ব্ৰত কৰি লৈছে। এই ব্যতিক্ৰমী লোকজনৰ কাহিনী সম্প্ৰতি ছ’চিয়েল মিডিয়াত বিস্তাৰ লাভ কৰিছে। স্বেতা বদ্দু নামৰ ভাৰতীয় বন সেৱাৰ এজন বিষয়াই পেটেলক লৈ দুখন ছবিসহ এক বাৰ্তা টুইটাৰত প’ষ্ট কৰিছে।
এখন ছবিত পেটেলক গোদাবৰীৰ এখন দলংৰ ওপৰত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। পেটেলৰ কাষত শাৰী শাৰী প্লাষ্টিকৰ পেকেট থকাও দেখিবলৈ পোৱা গৈছে। প্লাষ্টিকৰ পেকেটবিলাকত ফুল-বেলপাতসহ অন্যান্য পূজাত ব্যৱহৃত সামগ্ৰী আছিল। যিবিলাক পূজাৰ পাছত নদীৰ পানীত পেলাই দিয়া হয়। পেটেলে যোৱা শনিবাৰে সমগ্ৰ দিনটোৰ বাবে নাছিকৰ ইন্দিৰা নগৰত থকা গোদাবৰীৰ দলংখনত থিয় হৈ আছিল নদীখনক ‘পহৰা’ দিবলৈ।
I saw this man stand on this road entire day with a whistle in hand to stop people from throwing Dussehra 'holy waste' in #Plastic bags into Godavari @Nashik
Dear Mr Patil, Respect! pic.twitter.com/Q3hj5ggP5v
— Swetha Boddu, IFS (@swethaboddu) October 31, 2020
পূজাৰ সামগ্ৰী নদিত পেলাবলৈ অহাসকলক বাধা প্ৰদান কৰিছিল আৰু নদীত এনেদৰে সামগ্ৰী পেলালে পানী দূষিত হৈ পৰিব এনেদৰে বুজাইছিল । প্ৰদূষণ বন্ধ কৰিবলৈ তথা মানুহক সচেতন কৰিবলৈ পেটেলে লগত ৰাখিছিল হুইচেল। কোনোবাই নদীৰ পানীত সামগ্ৰী পেলাবলৈ বিচাৰিলে পেটেলে প্ৰথমে হুইচেল বজাই বাধা প্ৰদান কৰিছিল। শনিবাৰৰ দিনটোত জমা হোৱা পেকেটবিলাক দেখিলেই স্পষ্ট হ’ব পাৰি এই ক্ষেত্ৰত পেটেলে কিমান সক্ষম হ’বলৈ সক্ষম হৈছে।
ইমান বিলাক সামগ্ৰী পানীত পৰিলে কেনে পৰ্যায়ত প্ৰদূষণ হ’ল হয় সেয়া সহজে অনুমেয়। মাত্ৰ এটা দিনৰ বাবে কিন্তু পেটেলে এই কাম কৰা নাই। যোৱা পাঁচ বছৰ ধৰি এই ব্যতিক্ৰমী পদক্ষেপ অব্যাহত ৰাখিছে পেটেলে। গোদাবৰীক প্ৰদূষণমুক্ত কৰাই পেটেলৰ মূল লক্ষ্য। এককভাৱে কৰি যোৱা এনে এক কামৰ বাবে নিশ্চিতভাৱেই পেটেল প্ৰশংসাৰ প্ৰাপ্ত। ছ’চিয়েল মিডিয়াত যোগ্য ভাৱেই পেটেলে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।