■ তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ নতুন ৰঙাগড়া গাঁওবাসীৰ ।
■ বাঘজান তৈলখাদৰ জুই নিৰ্বাপন, বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা নতুন ৰঙাগড়া বাসীক উচিত ক্ষতিপূৰণ প্ৰদান আদি দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ প্ৰায় চাৰি শতাধিক ৰাইজে ।
■ তিনিচুকীয়াৰ চৰকাৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা উলিওৱা প্ৰতিবাদী সমদলে উপায়ুক্তৰ কাৰ্য্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰে বাঘজান তৈলখাদৰ জুই নিৰ্বাপন কৰাৰ লগতে ক্ষতিগ্ৰস্ত সকলক উচিত ক্ষতিপূৰণৰ দাবী জনায় ।
■ ইফালে অতিশীঘ্ৰে জুই নিৰ্বাপন নকৰিলে অইলৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে গাঁওবাসীয়ে ।





























