মেডিকেলত ১২ জন সন্দেহযুক্ত প্ৰাৰ্থী

Woman doctor stethoscope

অসমত এম বি বি এছ আৰু দন্ত চিকিৎসা পাঠ্যক্রম (বি ডি এছ)ৰ বাবে চাহ শ্রমিক আৰু প্রাক্তন চাহ শ্ৰমিকৰ নামত সংৰক্ষিত আসনত অনির্দিষ্ট কাললৈ নামভর্তি স্থগিত ঘােষণা কৰিছে স্বাস্থ্য শিক্ষা সঞ্চালকালয়ে। এই সন্দৰ্ভত জাৰি কৰা এক জাননীত উল্লেখ কৰা হৈছে যে ইতিমধ্যে সম্পন্ন হােৱা প্রথম পর্যায়ৰ অনলাইন কাউন্সিলিঙৰ জৰিয়তে নামভৰ্তিৰ বাবে বাছনি হােৱা প্ৰথমখন প্রভিজনেল প্রার্থী তালিকা প্রকাশ পাইছে। তথাপি সেইসকলৰ এতিয়াই নামভর্তি প্রক্রিয়া আৰম্ভ কৰা নহয় ।

উল্লেখ্য যে চাহ শ্রমিক আৰু প্ৰাক্তন চাহ শ্ৰমিকৰ সতি-সন্ততিৰ বাবে এমবিবিএছত ১৮খন আৰু দন্ত চিকিৎসা পাঠ্যক্ৰমত তিনিখন আসন সংৰক্ষিত। উত্থাপিত অভিযােগ অনুসৰি যি ২১ জন প্রার্থীৰ নাম তালিকাত সন্নিৱিষ্ট হৈছে তাৰে ১২ জনৰেই জাতিগত প্রমাণপত্র সন্দেহজনক। সদৌ চাহ জনজাতি ছাত্ৰ সন্থাই সেই বিষয়ে অলপতে তথ্যসহ স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অভিযােগ দাখিল কৰিছিল। তাৰ ভিত্তিত স্বাস্থ্যসেৱা সঞ্চালকালয়ে বিষয়টোৰ প্রাথমিক অনুসন্ধান চলাই অৱশেষত উক্ত সংৰক্ষিত আসনকেইখনত নামভর্তি অনির্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে।

উল্লেখ্য যে অহা ১৮, ১৯ আৰু ২০ নৱেম্বৰত প্রথমবৰ্ষৰ এম বি বি এছ আৰু বি ডি এছ পাঠ্যক্ৰমৰ নামভৰ্তিৰ দিন ঘােষণা কৰা হৈছে। সুৰজ কর্মকাৰ, অৰুণাভ কৈৰী, দীপজ্যোতি কর্মকাৰ, ৰােহিত কৈৰী, ৰেশমা বেগম, স্নেহা কৈৰী, ৰাহুল যাদব, সুমন নুনীয়া, গৌৰৱ চৌহান, ৰাহুল কৈৰী, ফাৰহান আনচাৰী আৰু নিলােফাৰ ৰহমান নামৰ প্রার্থীকেইজন সন্দেহজনক বুলি অভিযােগ উত্থাপিত হৈছে।

মনকৰিবলগীয়া যে এই অভিযােগ নতুন নহয়। চাহ শ্রমিক আৰু প্রাক্তন চাহ শ্ৰমিকৰ নামত সংৰক্ষিত আসনক লৈ প্ৰতি বছৰেই ভুৱা প্রমাণ পত্ৰৰে নামভৰ্তিৰ অভিযােগ উত্থাপিত হৈ আহিছে। আটছা নেতা পবন বেদীয়াই এই সম্পৰ্কত কয় যে তেওঁলােকে সন্দেহ প্রকাশ কৰা তালিকাত আছে কৈৰী উপাধিধাৰী ছাত্র। এনে উপাধিৰ লােক চাহ বাগিচাত আছে যদিও একেটা উপাধিৰ হিন্দীভাষী লােক আছে যিসকলৰ চাহ বাগিচাৰ স’তে কোনাে সম্পর্কই নাই।

শিৱসাগৰতে এনে বৃহৎ গাঁও আছে য’ত কৈৰী উপাধিধাৰী পৰিয়াল বসবাস কৰে। এওঁলােকৰ চাহ বাগিচাৰ স’তে কোনাে সম্পর্কই নাই। এইসকলৰ কৃষ্টি-সংস্কৃতি, যােগাযােগ সম্পূর্ণরূপে বিহাৰৰ স’তে সম্পর্কিত। এইবাৰ তালিকাত থকা কৈৰী উপাধিধাৰীসকল চাহ বাগিচাৰ নহয় বুলি আমি অভিযােগ কৰিছাে। মূল তালিকাখনত এনে সাতজনেই স্থান লাভ কৰিছে। এইদৰে বেদীয়াই কয়।

আনহাতে, তেওঁ কয় যে কর্মকাৰ উপাধিধাৰী লােক চাহ বাগিচাত আছে যদিও তালিকাত অন্তর্ভুক্ত ছাত্র-ছাত্রী সন্দৰ্ভত অভিযােগ আছে। তেওঁ কয় যে তালিকাত স্থানপ্রাপ্ত ছাত্র বাঙালী সম্প্রদায়ৰ। ধুবুৰীৰ এটা পৰিয়ালৰ সম্পৰ্কত পূর্বতেও আমি প্রত্যাহ্বান জনাইছিলাে। এইবাৰাে একেটা পৰিয়ালৰ দুজনৰ নাম মূল তালিকাত সােমাই আছে। একেদৰে চাহু, নুনিয়া আদি সন্দেহজনক ছাত্র-ছাত্রী তালিকাভুক্ত হৈছে।

বেদীয়াই কয় যে উচ্চতম ন্যায়ালয়ৰ গাইড লাইন অনুসৰি প্রমাণ পত্ৰৰ পুনৰীক্ষণৰ বাবে ৰাজ্যিক পর্যায়ৰ এখন নিৰীক্ষণ কমিটী থাকিব লাগে। এই কমিটীখন ৰাজ্যত নিষ্ক্রিয় হৈ আছে। আটছাই বাৰম্বাৰ কমিটীখন সক্রিয় কৰি তুলিবলৈ চৰকাৰক অনুৰােধ জনােৱাৰ পাছতাে সেয়া কৰা হােৱা নাই। কাৰ হেমাহিৰ বাবে এইদৰে এম বি বি এছ আৰু দন্ত চিকিৎসা পাঠ্যক্রমত নামভৰ্তিৰ ক্ষেত্ৰত সঘনাই সন্দেহজনক প্রার্থী অন্তর্ভুক্তি হৈ আহিছে সেয়া এক বৃহৎ প্রশ্ন। এই বিষয়ত সঠিক তদন্তৰ অন্তত প্ৰকৃতাৰ্থত যােগ্যজনে তালিকাত স্থান লাভ কৰিব বুলি আটছা নেতাজনে আশা প্রকাশ কৰে ।

Exit mobile version