বন্ধুবৰ্গকো দিছিল বায়ুসেনাৰ ভুৱা নিযুক্তিপত্র

WhatsApp Image 2020 11 17 at 2.29.51 PM

বায়ুসেনাৰ জোৱান বুলি ভুৱা দি মহানগৰীৰ বৰঝাৰত গ্রেপ্তাৰ হােৱা ধিমন কৃষ্ণ গােস্বামীয়ে পিতৃ-মাতৃকো মিথ্যাচাৰেৰে সন্তুষ্ট কৰিবলৈ অপচেষ্টা চলাইছিল। বৰঝাৰস্থিত বিমান কোঠৰ সমীপত যােৱা ১৬ নৱেম্বৰত গ্রেপ্তাৰ হােৱা ১১ জন ভুৱা বায়ুসেনাৰ দলটোৰ নেতৃত্ব প্রদানকাৰী ধিমন কৃষ্ণ নামৰ বিডিএছৰ ছাত্ৰজনে পৰিয়ালক সন্তুষ্ট কৰিবলৈ ভুৱা সেনাৰ পৰিচয় দিছিল বুলি আৰক্ষীৰ জিম্মাত স্বীকাৰােক্তি দিছে।

কামৰূপ গ্রাম্য জিলাৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰ গাঁৱৰ হৰেকৃষ্ণ গােস্বামীৰ পুত্র ধিমন কৃষ্ণৰ অনিচ্ছা সত্ত্বেও পৰিয়ালে বিডিএছ ডিগ্রী পাঠ্যক্রম পঢ়িবলৈ বাধ্য কৰােৱাইছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰি পৰিয়ালক সন্তুষ্ট কৰিবলৈ বায়ুসেনা বাহিনীৰ ভুৱা নিযুক্তি লৈ বিডিএছ। পাঠ্যক্রম অসম্পূর্ণ কৰি এৰি দিয়া বুলি উল্লেখ কৰিছে। তদন্তকাৰী আৰক্ষী সূত্রত প্রকাশ যে এবছৰ ধিমন কৃষ্ণই বিডিএছ পঢ়িছিল। তাৰ পাছতে এই পাঠ্যক্ৰমত তেওঁৰ পূৰ্বৰে পৰা মন নথকাত আন চাকৰি পােৱা বুলি ঘৰত দেখুৱাই পঢ়া এৰি দিয়া বুলি স্বীকাৰ কৰিছে।

তেওঁ নিজেই ভুৱা নিযুক্তিপত্র আৰু পৰিচয়পত্র প্রস্তুত কৰি ঘৰলৈ উভতি আহে। তেওঁ বায়ুসেনাত চাকৰি পােৱা বুলি গাঁৱত প্ৰচাৰ হােৱাত বন্ধুবৰ্গইও তেওঁলােকক সম্ভৱ হ’লে চাকৰিত নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ অনুৰােধ জনায়। এনেকৈয়ে এজন-দুজনকৈ মুঠ ১০ জন ক্রমে বাইহাটা চাৰিআলিৰ সৌৰভ শর্মা (২২), ৰিপুঞ্জয় গােস্বামী (২৮), বৰপেটাৰ কৌশিক ভূঞা (২৬), ৰূপম শর্মা (২৯), গণেশ দাস (৩৬), নলবাৰীৰ ক্ৰমে জ্ঞানেন্দ্র দাস (৩৮), নয়নজ্যোতি গৌতম (২৭), জয়মণি শর্মা (৩৪), বিজয় মণি শর্মা (৩৪) দ্বিজেন শর্মা (৩৪)ক ভুৱা নিযুক্তিপত্র প্রদান কৰে ধিমন কৃষ্ণৰ। কিন্তু তেওঁলােকৰ যােগদানৰ স্থান সন্দৰ্ভত ধিমন কৃষ্ণ প্রশ্নৰ সন্মুখীন হােৱাত তেওঁ নিজ ইচ্ছা অনুসৰি আটাইকে বৰঝাৰ বিমানকোঠৰ বায়ুসেনা বাহিনীৰ সুৰক্ষাকর্মী হিচাপে ‘ডিউটি’ কৰাবলৈ লগাই দিয়ে।

আৰক্ষী সূত্রই প্রকাশ কৰা তথ্য অনুসৰি, প্রায় এটা সপ্তাহ দুই-তিনিজনক সেই অঞ্চলত টহল দিবলৈ পঠাইছিল ধিমন কৃষ্ণই। গ্রেপ্তাৰ হােৱাৰ পাছত তদন্তকাৰী দলে তেওঁলােকৰ বাসগৃহত অভিযান চলাইছিল যদিও কোনােধৰণৰ মাৰণাস্ত্র উদ্ধাৰ হােৱা নাই বুলি আৰক্ষীয়ে উল্লেখ কৰি বাকী দুটা দিনৰ জেৰাত সকলাে তথ্য পােহৰলৈ আহিব বুলি কয়।

উল্লেখ্য যে আজাৰা আৰক্ষীয়ে ধৃত ১১ জন ভুৱা সেনাক ৬৯১/২০২০ নম্বৰৰ গােচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৪০/১২০(বি) /১২১(এ)/২৬০/২৬১/৪১৯/ ৪৬৮/৪৭১ ধাৰাত গ্রেপ্তাৰ কৰি পাঁচ দিনৰ জিম্মাত লৈছিল।

Exit mobile version