লখিমপুৰৰ নকাড়ীৰ এক নম্বৰ ৱাৰ্ডৰ দিনেন গোহাঞি বৰুৱাৰ ঘৰত সংৰক্ষিত হৈ আছে এখন বিশেষ চাইকেল। বাৰ্মিংহামৰ আছলুকাছ আামৰ কোম্পানীয়ে নিৰ্মাণ কৰা শতবৰ্ষ গৰকা এই চাইকেলখন এতিয়া গকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । কোম্পানীটোৰ ক্ৰমিক নং ৮২ খোদিত থকা এই চাইকেলখন প্ৰায় ১৮৯০ত ব্ৰিটিছ শাসন কালতে ক্ৰয় কৰিছিল । তেতিয়াৰ লখিমপুৰৰ চাৰিটা মৌজাৰ অধিকাৰী, সমাজ সেৱক ঘিনাৰাম গোহাঞি বৰুৱা পৰিয়াল । কলিকতাৰ পৰা তেওঁ এই চাইকেলখন ক্ৰয় কৰি আনিছিল ।
তেওঁৰ চাৰিজন পুত্ৰৰ ভিতৰত অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঞি বৰুৱা, নীলকণ্ঠ গোহাঞি বৰুৱা, মুক্তনাথ গোহাঞি বৰুৱা আৰু কণনাথ গোহাঞি বৰুৱাই এই চাইকেলখন ব্যৱহাৰ কৰিলেও পৰৱৰ্তী সময়ত মুক্তনাথ গোহাঞি বৰুৱাক একাষড়ীয়া কৰি চাইকেলখন দি থৈ যায় । তেতিয়াৰ পৰা পুৰুষাণুক্ৰমে এই চাইকেলখন সংৰক্ষণ তথা ব্যৱহাৰ হৈ আছে ।
সম্প্ৰতি নাতি দিনেন গোহাঞি বৰুৱাই পৰিয়ালৰ অতীতৰ মৰ্যদা আৰু গৌৰৱক সোঁৱৰাই ৰাখিছে । পিতৃ পিতামহৰ স্মৃতি বিজড়িত এই অতীত মৰ্যদাৰ চাইকেলখনত হাত বুলাই তেওঁলোকে এতিয়াও পুলকিত হৈ পৰে । বহুলোকে এই চাইকেলখন প্ৰত্যক্ষ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ আহে । অতীত বংশৰ মৰ্যাদা পৰিয়ালৰ গৌৰৱ স্বৰূপ ঘাত মাতোৰৰ সিপাৰে নিৰ্মিত এই চাইকেলখনৰ প্ৰতিটো যন্ত্ৰ-পাতিত গোহাঞি বৰুৱাৰ স্বনামধন্য ব্যক্তিসকলৰ পৰশ বিদ্যমান ।
সম্প্ৰতি প্ৰয়োজনৰ খাতিৰত চাইকেলখনৰ যন্ত্ৰাংশৰ সামান্য সাল-সলনি ঘটোৱা হৈছে, যদিও সৰহভাগেই পুৰণি যন্ত্ৰাংশ আছে । পৰিয়ালটোৰ অতীত মৰ্যাদাৰ কাৰক এই চাইকেলখন এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ।