সমাধিস্থলৰ বাবে গুৱাহাটীত মাটি নাই! নৱগ্ৰহত হ’ব গগৈৰ শেষকৃত

Screenshot 68

প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ শেষকৃত্য নৱগ্রহ শ্মশান সম্পন্ন হ’ব। আজি নিশা এই কথা সদৰী কৰে প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। উল্লেখ্য যে প্রয়াত গগৈৰ শেষকৃত্য গুৱাহাটীৰ কোনাে এক স্থান সম্পন্ন কৰিব পৰাকৈ প্রদেশ কংগ্ৰেছে চৰকাৰক এটুকুৰা মাটি আবণ্টনৰ অনুৰােধ জনাইছিল; কিন্তু মহানগৰীৰ ভিতৰত তেনে মাটিৰ অভাৱ বুলি মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু উপায়ুক্ত বিশ্বজিৎ পেগুৱে বৰাক জানিবলৈ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিশা প্রদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠকত নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয় ।

এই সন্দৰ্ভত বৰাই কয়, নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰি আমি প্রয়াত তৰুণ গগৈৰ অস্থি সংগ্রহ কৰিম আৰু আমাৰ পছন্দৰ স্থানত পৰৱৰ্তী সময়ত সেই অস্থি সংৰক্ষণেৰে স্মৃতি সৌধ নির্মাণ কৰা হ’ব। অস্থিৰ অংশ প্রদেশ কংগ্রেছৰ ব্লক পর্যায়লৈ বিয়পি থকা সকলাে সমিতিলৈ প্ৰেৰণ কৰা হ’ব। উল্লেখ্য যে সমাধিস্থলৰ ভূমিক লৈ আজি দিনজুৰি চৰ্চা অব্যাহত থাকে।প্রদেশ কংগ্ৰেছৰ সভাপতি বৰাই প্রাক্তন মুখ্যমন্ত্রী প্রয়াত গগৈৰ শেষকৃত্য গুৱাহাটী মহানগৰৰ ভিতৰৰ এটুকুৰা চৰকাৰী মাটিত সম্পন্ন কৰাৰ বাবে চৰকাৰক ভূমি প্রদান কৰিবলৈ অনুৰােধ জনায় ।

চচল, কইনাধৰা অথবা লখৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সেই ভূমি প্রদান কৰিবলৈ তেওঁ অনুৰােধ জনায়। চৰকাৰে যদি ‘দুর্ভাগ্যজনকভাৱে’ মাটি দিব নােৱাৰে তেন্তে কংগ্ৰেছে নিজাববীয়াকৈ দিছপুৰ কংগ্রেছৰ কার্যালয় মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স অথবা নৱগ্রহ শ্মশানত সম্পন্ন কৰিব বুলিও ৰাই সদৰী কৰে। পাছত ৰাজ্য চৰকাৰৰ হৈ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটীৰ ভিতৰত দিব পৰাকৈ তেনে চৰকাৰী ভূমি নাই। তাৰ পৰিৱর্তে মন্ত্রীজনে আমিনগাঁও অথবা সােণাপুৰৰ চৰকাৰী ভূমিত শেষকৃত্য সম্পন্ন কৰাৰ পৰামর্শ আগবঢ়ায়।

এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয়, ‘আমি বিতর্ক বিচৰা নাই। চৰকাৰক বিনম্রভাৱে অনুৰােধ জনাইছাে যাতে মহান নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ এটুকুৰা চৰকাৰী মাটি যােগাৰ কৰি দিয়ে। প্রয়াত নেতাগৰাকীক সন্মান জনাব লাগে। চৰকাৰক এইক্ষেত্ৰত মহানুভৱতা দেখুৱাব লাগে বুলি আমি বিনম্রভাৱে অনুৰােধ জনাইছাে। কেৱল ৰাষ্ট্রীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰিলেই নহ’ব, চৰকাৰে তেওঁক স্বীকৃতি দিব লাগিব। অকণমান মাটি তেওঁৰ বাবে নাই নেকি? ইমান ডাঙৰ ৰাজ্যখনৰ শ শ, হেজাৰ হেজাৰ বিঘা চৰকাৰী মাটি পৰি আছে। যদিহে চৰকাৰে দিব নােৱাৰে তেন্তে সেয়া হ’ব চৰম দুর্ভাগ্যজনক। বৰাই সদৰী কৰে যে আজি সন্ধিয়া তেওঁক কামৰূপ মহানগৰ উপায়ুক্তই ফোন কৰি জনাইছে যে তেওঁলােকে মাটি বিচাৰি পােৱা নাই ৷

সভাপতিজনে তেতিয়া পুনৰ কয়, ‘আমি স্পষ্টভাৱে কৈছে যে আজি গধূলিৰ ভিতৰত যদি মাটিৰ কথা জনাব নােৱাৰে তেনেহ’লে আমি নিজাববীয়াকৈ দলীয়ভাৱে ব্যৱস্থা কৰিব লাগিব। আজিয়েই মাটি দিয়া কথা এই কাৰণে কৈছাে যে কাইলৈৰ এটা দিনৰ ভিতৰত ঠাইখিনি সাজু কৰি গােটেই কামবােৰ কৰিব লাগিব। চৰকাৰে যদি নােৱাৰে তেনেহ’লে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে আমি শেষকৃত্য কৰিম। যিহেতু পৰিয়ালৰ লােকে প্রাক্তন মুখ্যমন্ত্রী প্রয়াত গগৈৰ শেষকৃত্য গুৱাহাটীত কৰিব বিচাৰিছে সেই কাৰণেহে ইয়াত আমাক মাটিৰ প্ৰয়ােজন হৈছে ।

প্রয়াত তৰুণ গগৈ প্রাক্তন মুখ্যমন্ত্ৰীয়ে নহয়, তেওঁ বিধায়ক হৈয়াে আছে। তেওঁ গােটেই জীৱন অসমৰ বাবে কাম কৰি গ’ল। তেওঁৰ দৰে এজন মহান নেতাক সন্মান জনােৱাটো চৰকাৰৰ দায়িত্ব।বৰাৰ এই বক্তব্যৰ উত্তৰত মন্ত্রী ড° শৰ্মাই কয় যে কামৰূপ মহানগৰৰ উপায়ুক্তই বহু বিচাৰ-খােচাৰ কৰিও মাটি পােৱা নাই। মন্ত্রীজনে কয়, ‘গুৱাহাটীৰ ভিতৰত মাটি নাই। মাটিৰ প্রয়ােজন হ’ব পৰা পৰিস্থিতি আগতে হােৱা নাছিল। শৰৎ সিংহৰ দৰে ব্যক্তিৰ ক্ষেত্ৰতাে এনে প্রয়ােজন হােৱা নাছিল। পাছত ড° ভূপেন হাজৰিকাৰ ক্ষেত্ৰত মাটি বিচাৰােতেও আমি পােৱা নাছিলাে; কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে নিজে আগবাঢ়ি আহি মাটি দিয়াতহে সমাধিস্থল সম্ভৱ হয়। সেই কাৰণে আমিনগাঁও অথবা সােণাপুৰত হ’লে ভাল। আমিনগাঁৱত শেষকৃত্য হ’লে মই ব্যক্তিগতভাৱেও ভাল পাম। কাৰণ সেই অঞ্চলটোৰ উন্নয়নত তেওঁৰ ভূমিকা আছে। তেওঁৰ বাবে নিশ্চয় এটুকুৰা মাটি যােগাৰ কৰিবলৈ আমি সক্ষম হ’ম। আমিনগাঁও এতিয়া গুৱাহাটী মহানগৰীৰে অংশ। গতিকে সেইফালৰ পৰাও অসুবিধা নিশ্চয় নহ’ব ।

Exit mobile version