সর্বাধিক জনসংখ্যাৰ দেশ চীনতে এতিয়া পুনৰ জনসংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰিবলগীয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে জি জিনপিং চৰকাৰে আনকি চাৰি দশকৰ অধিক কালৰ নীতিত পৰিৱৰ্তন আনিবলৈ বাধ্য হৈছে। আনকি জনসংখ্যা বৃদ্ধিৰ বাবে জিনপিং চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনাও গ্রহণ কৰিছে। চীনত গভীৰ অর্থনৈতিক সংকটে দেখা দিয়াৰ ফলত ১৯৭৮ত বেইজিঙে জনসংখ্যা নিয়ন্ত্ৰণৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল।
প্রত্যেক দম্পতীৰ বাবে এটা সন্তানৰ নিয়ম বান্ধি দিয়া হৈছিল। এই নীতিৰ লক্ষ্য আছিল,চীনত উৎপাদিত পণ্য সামগ্ৰীৰ স’তে চাহিদাৰ ভাৰসাম্য অটুট ৰখা; কিন্তু সুদীর্ঘ ৪২ বছৰৰ পাছত সেই পুৰণি নীতি পৰিৱৰ্তন কৰি বেইজিঙে এতিয়া দেশখনত জন্মহাৰ বৃদ্ধিৰ বাবে উদ্যোগ লৈছে। ইমানদিনে এটা সন্তানৰ নীতি বাহাল থকা সত্ত্বেও চীনেই আছিল বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশ।কিন্তু দেশত এতিয়া কর্মক্ষম লােকৰ অভাৱৰ বাবেই বেইজিং কিছু চিন্তাত পৰিছে। কিয়নাে দেশখনত ক্ৰমাৎ.বৃদ্ধি পাইছে বয়স্ক লােকৰ সংখ্যা।
ক্রমবর্ধমান বয়স্ক লােকৰ সংখ্যাৰ স’তে সামঞ্জস্য আনি কর্মক্ষম মানুহৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেই জিনপিং চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলি সূত্রই জনাইছে। ইয়াৰ বাবে চীন চৰকাৰে ২০২১-২৫ পর্যন্ত পঞ্চবার্ষিক পৰিকল্পনাও হাতত লৈছে।আন্তর্জাতিক সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদন অনুসৰি, চীনত বয়স্ক লােকৰ সংখ্যা অত্যধিক হাৰত বৃদ্ধি পােৱাৰ পৰিপ্ৰেক্ষিততে কর্মক্ষম লােকৰ মানুহৰ সংখ্যা ক্রমাৎ হ্রাস পাব বুলি জিনপিং চৰকাৰে আশংকা কৰিছে।
চীন চৰকাৰৰ হিচাপ অনুসৰি, বিগত বছৰৰ শেষলৈ সমগ্ৰ দেশখনত ৬০ৰ উৰ্ধৰ মানুহৰ সংখ্যা আছিল ২৫ কোটি ৪০ লাখ। সেয়া আছিল দেশখনৰ মুঠ জনসংখ্যাৰ ১৮.০১ শতাংশ। ২০২৫ত এই সংখ্যা ৩০ কোটি আৰু ২০৩৫লৈ ৪০ কোটিলৈ বৃদ্ধি পােৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ২০৫০ পর্যন্ত চীনমাত্র ২০ কোটি লােকহে কর্মক্ষম হৈ থাকিব। ফলত উৎপাদন যিদৰে কমিব, সেইদৰে বয়স্ক মানুহৰ বাবে স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিবলৈ প্ৰচুৰ পৰিমাণৰ চৰকাৰী ধন ব্যয় হ’ব। সেইবাবেই ১৯৭৮ত প্রয়ােগ হােৱা এটা সন্তানৰ নীতিত পৰিৱৰ্তন আনি চীন চৰকাৰে এতিয়া একাধিক সন্তান জন্ম দিয়াৰ বাবে নাগৰিকসকলক উৎসাহ দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবে অতিৰিক্ত চৰকাৰী সা-সুবিধাও প্রদান কৰা হ’ব বুলি চীন চৰকাৰে নাগৰিকসকলক জনাইছে।
সােমবাৰে চীনৰ চৰকাৰী সংবাদ মাধ্যমত এই বিষয়ত জিনপিং চৰকাৰৰ উদ্যোগৰ কথা উল্লেখ কৰা হয়। চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে নতুন নীতি অনুসৰি, নাগৰিকসকলক আৰু বেছিকৈ সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰা হ’ব। আনকি জন্মহাৰ বৃদ্ধিৰ বাবে সন্তান জন্ম দিয়াত আগ্রহী দম্পতীসকলক আর্থিক সাহায্যও প্রদান কৰা হ’ব। তাৰ লগতে জোৰ দিয়া হ’ব কর্মক্ষেত্ৰৰ মানৰ উন্নয়নতাে। ইয়াৰ ফলত চীনৰ অর্থনীতি অধিক বৃদ্ধি বুলিয়ে জিনপিং চৰকাৰে ধাৰণা কৰিছে।