পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদীয় আঠ নম্বৰ হামৰেণ সমষ্টিৰ তেলেহৰত হামৰেণ মণ্ডল কিষাণ মৰ্চাৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় । সভাত মুখ্য অতিথিৰূপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং উপস্থিত থাকি ভাষণ প্ৰসংগত ‘স্বাধীন কৃষক, সমৃদ্ধিশালী কৃষক’ বুলি উল্লেখ কৰি কৃষিখণ্ডই তথা কৃষক ৰাইজে দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে।
কৃষকৰ অবিহনে দেশৰ অৰ্থনৈতিক উন্নয়ন অসম্ভৱ বুলিও প্ৰকাশ কৰে আৰু এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে কৃষিখণ্ড আৰু কৃষক ৰাইজৰ বাবে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি ৰূপায়ন কৰাৰ লগতে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈছে বুলি উল্লেখ কৰে তিমুঙে। কৃষকৰ সমস্যা, আৰ্থিক দুৰ্বলতা আদিৰ প্ৰতি দৃষ্টি ৰাখি বিজেপি চৰকাৰে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, বীজ, কঠিয়া, কৃষি ঋণ আদি প্ৰদান কৰি কৃষকৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰি আহিছে বুলিও উল্লেখ কৰে তিমুঙে।
অনুষ্ঠিত সভাখনত হামৰেণ মণ্ডল কিষাণ মৰ্চাৰ সভাপতি, সম্পাদক, অন্যান্য বিষয়ববীয়াসকল, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ আৰু ভালে সংখ্যক বিজেপি কৰ্মকৰ্তা উপস্থিত থাকে।