গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ মাইলষ্ট’ন ছোৱালী হোষ্টেলত প্ৰকাণ্ড নাহৰফুটুকী বাঘ । ঘটনাটোক লৈ অঞ্চলটোত প্ৰবল উত্তেজনাৰ সৃষ্টি হয়।জানিব পৰা মতে,মাইলষ্ট’ন নামৰ ছোৱালী হোষ্টেলৰ বাৰাণ্ডাত চোফাৰ তলত সোমাই আছিল নাহৰফুটুকীটো । হোষ্টেলটো তত্বাৱধায়কে জনোৱা মতে,ৰাতিপুৱা গেট খুলিবলৈ আহি চোফাৰ তলত পৰি থকা কাপোৰ তুলি লওঁতে হাতত লাগি আহিছিল বাঘৰ নোম। আৰু চকীৰ তলত শুই থকা বাঘ দেখি তৎক্ষণাত সেই ঠাইৰ পৰা দৌৰি ভিতৰ সোমাই তত্বাৱধায়ক মৌচুমী বৰা। দৌৰি আহি ভিতৰত সোমাই ঘৰৰ সকলোকে সাৱধান কৰি বন বিভাগক খবৰ দিয়ে মৌচুমীয়ে । বন বিভাগৰ দল উপস্থিত হৈ বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা চলাই আৰু প্ৰায় তিনি ঘণ্টা মূৰত অৱশেষত প্ৰকাণ্ড বাঘটো বন বিভাগে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়। আৰু বাঘটো ট্ৰেংকুলাইজ কৰি চিৰিয়াখানালৈ প্ৰেৰণ কৰে।
গুৱাহাটী মহানগৰীৰ ছোৱালী হোষ্টেলত ওলাল নাহৰফুটুকী বাঘ
-
By publisher

Related Content
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
By
publisher
April 27, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026