●আমাৰ সকলোৰে ঘৰত অতিকৈ ব্যৱহাৰী বস্তু হৈছে নহৰু । এই নহৰুয়ে খাদ্যৰ তৃপ্তি বঢ়োৱাৰ লগতে ই স্বাস্থ্যবৰ্ধক আৰু ঔষধীয় গুণৰ বাবে ব্যৱহাৰ হয়
●নহৰুক প্ৰাকৃতিক এন্টিবায়টিক বুলিও ক’ব পাৰি
● নহৰু হৈছে কিটানুনাশক আৰু বীজাণুনাশক
●নহৰুত পোৱা যায় এন্টিঅক্সিডেন্ট ,এন্টিবেক্টেৰিয়া ,এন্টি ফাংগাল
●নহৰুৰ ব্যৱহাৰৰে শৰীৰত বৃদ্ধি হোৱা চৰ্বি কম কৰে আৰু তাৰ বাবে ওজন কম হোৱাত সহায় হয়
●নহৰুৰৰ জৰিয়তে ব্লাড প্ৰেচাৰো নিয়ন্ত্ৰণ হৈ থাকে
● হাৰ্টৰ বিভিন্ন ৰোগৰ বাবে নহৰুৰ ব্যৱহাৰ খুবেই লাভৱান
● নহৰুত ভিটামিন চি, ভিটামিন বি 6 চেলনিয়াম আৰু মেগনিছ পোৱা যায় যি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
●নহৰুয়ে দাঁতৰ বিষ ভাল কৰাটো সহায় কৰে
●অস্থমা, বংকাইটিছ আৰু উশাহ প্ৰণালীত হোৱা সংক্ৰামন নোহোৱা কৰে
●ইয়াৰ উপৰিও নেহৰুয়ে এলাৰ্জি কম হোৱাত সহায় কৰে কিত পতংগই কামুৰিলে নহৰু খুন্দি সেই ঠাইত প্রলেপ লগালে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি
●পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ নহৰু এটা ভাল ঔষধিৰ লগতে বিভিন্ন সমস্যাৰ প্ৰতিকাৰক
●নহৰুৰ পৰা সৰ্বাধিক উপকাৰী পাবলৈ হলে ইয়াক ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰাতকৈ কেঁচাই খোৱা উচিত