ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিক স্বাৱলম্বীকৰণৰ অন্যতম আধাৰ হ’ব পশুপালন ক্ষেত্ৰ । গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’লেহে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ’ব বুলি মন্তব্য কৰে অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই ।
আজি অসম পশুধন নিগমৰ উদ্যোগত দুশগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতী আৰু পুৰুষ-মহিলাৰ মাজত কুকুৰা পোৱালী বিতৰণৰ এক কাৰ্য্যসুচীত উপস্থিত থাকি মন্ত্ৰী বৰাই কয় যে, ৰাজ্যৰ বজাৰত থলুৱা কৃষকসকলে উচিত মূল্য লাভ কৰাৰ লগতে থলুৱা লোকৰ নিয়ন্ত্ৰনাধীন হ’ব লাগিব বজাৰসমূহ ।
পশুপালকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ ওপৰত বাখ্যা কৰি মন্ত্ৰী বৰাই কয় যে, বিভাগ আৰু কৃষক সকলৰ মাজত দূৰত্ব আঁতৰ কৰি পশুপালন বিভাগ হ’ব ৰাইজৰ বিভাগ । এই ক্ষেত্ৰখনত জনসাধাৰণে সন্মুখিন হোৱা সমস্যাসমূহ তাৎক্ষণিক ভাৱে সমাধান কৰাৰ লগতে সহায়ৰ হাত আগবঢ়োৱাটো প্ৰতিগৰাকী পশুচিকিৎসকৰ প্ৰথম দায়িত্ব বুলি সোৱঁৰাই দি কয় যে, এই ক্ষেত্ৰখনত সংগঠিত ৰূপত আগবঢ়াই নিবলৈ আৰু ইয়াৰ বাবে বজাৰ সৃষ্টি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইতিমধ্যে বিভাগটোত ১১০ গৰাকী পশু চিকিৎসক নিযুক্তি দিয়াৰ লগতে অহা ১৮ ডিচেম্বৰত ২২০ গৰাকী ক্ষেত্ৰ সহায়কক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব বুলি ঘোষণা কৰে । অনুষ্ঠানত পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয়, ‘পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্য্যসূচীৰ আধাৰত নিগমে ইতিমধ্যে পাঁচ শতাধিক যুৱক-যুৱতীৰ মাজত হাঁহ , কুকুৰা আৰু গাহৰি পোৱালী বিতৰণ কৰিছে আৰু গুবাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে ।
স্ব-নিৰ্ভৰশীলতাৰ জৰিয়তে অসমৰ অৰ্থনৈতিক কাঠামো শক্তিশালী কৰাৰ বাবে নিগমে ধাৰাবাহিকভাৱে এই কাৰ্য্যসূচী ৰূপায়ন কৰিব বুলি অধ্যক্ষ শইকীয়াই উল্লেখ কৰে । ইতিমধ্যে নিগমৰ জৰিয়তে ১৫০০০ তকৈ অধিক যুৱক-যুৱতীয়ে প্ৰশিক্ষণ লাভ কৰাৰ লগতে ৪০০০ ৰো অধিক যুৱক-যুৱতী প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে বুলিও শইকীয়াই উল্লেখ কৰে।
অনুষ্ঠানত বিভাগৰ সচিব ৰবিনচন মুছাহাৰী , সঞ্চালক অশোক বৰ্মন , নিগমৰ পৰিচালন সঞ্চালক দিপালী দেবী , দুগ্ধ উন্নয়ন সঞ্চালক উৎপল শৰ্মা আদি প্ৰমুখ্যে বহুসংখ্যক বিষয়া উপস্থিত থাকে ।