খেৰণিত ড্ৰাগছ বিৰোধী সমদল ছাত্ৰ-ছাত্ৰীৰ

5ef4b372 fb7a 46d5 86ab 4b378a960b18

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত খেৰণিত ড্ৰাগছ বিৰোধী সমদল ছাত্ৰ-ছাত্ৰীৰ।ড্রাগছ সেৱন প্ৰতিৰোধ কৰা আৰু অবৈধ সৰবৰাহ বন্ধ কৰা, মাদক দ্ৰব্য বৰ্জন আদি বিষয়ক লৈ খেৰণি আৰক্ষী চকীৰ চৌহদৰ পৰা বৃহত্তৰ খেৰণি অঞ্চলত এক সজাগতাৰ সমদল বাহিৰ কৰে খেৰণি আৰক্ষী, স্থানীয় সচেতন ৰাইজ, ছাত্ৰ-ছাত্ৰীসকলে।

সমদলত অংশগ্ৰহণ কৰা লোক আৰু ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে ‘ড্রাগছ সেৱন বন্ধ কৰক, ধূমপান বন্ধ কৰক, মাদক দ্ৰৱ্য সেৱন বন্ধ কৰক’ আদি প্লেকাৰ্ড  লৈ ৰাইজৰ মাজত এক বাৰ্তা প্ৰেৰণ কৰে। লগতে এই কাৰ্যসূচীয়ে নিচাজাতীয় দ্ৰব্য, মাদক দ্ৰব্যৰ নিবাৰণ, ড্ৰাগছ প্ৰতিৰোধ, মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতাও বৃদ্ধি কৰে।

সমান্তৰালভাৱে ড্ৰাগছ বিৰোধী কাৰ্যসূচীৰ লগত সংগতি ৰাখি আৰক্ষী বিষয়া পৱন কলিতাই ভৱিষ‍্যৎ প্ৰজন্মৰ নিৰাপত্তাৰ বাবে মাদক দ্ৰব‍্যৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দিবলৈ সকলোকে আহ্বান জনোৱাৰ ওপৰিও মাদক দ্ৰব‍্যৰ গ্ৰাসত পৰা ব‍্যক্তিলৈ প্ৰয়োজনীয় পৰিৱেশ জন্ম আৰু চিকিৎসা ব‍্যৱস্থাত সকলোৰে অংশগ্ৰহণ আৰু সক্ৰিয়তা প্ৰদানৰ আহ্বান জনায়।

Exit mobile version