চৰকাৰৰ অনুমতি নাপাই চলিত বৰ্ষৰ উত্তৰ-পূৱ গ্ৰন্থমেলা স্থগিত

top 10 books every college student read

ধৰালৈ শীতৰ আগমনৰ সমান্তৰালভাৱে ৰাজ্যত গ্ৰন্থ উৎসৱে অনন্য মাত্ৰা বহন কৰি আহিছে যদিও এইবাৰ মহামাৰী কৰ’নাৰ বাবে ইয়াৰ মাদকতা ম্লান পৰিল । বিশেষকৈ প্ৰতিটো বৰ্ষতে গ্ৰন্থ ব্যৱসায়ত ন ন অভিলেখ সৃষ্টি কৰি অহা উত্তৰ-পূৱ গ্ৰন্থমেলা এইবাৰ স্থগিত ৰাখিবলগীয়া হোৱাই ঘটনাই প্ৰকাশক, লেখক তথা পঢ়ুৱৈসকল নিৰাশ কৰিছে ।

উল্লেখ্য যে ১৯৯৮ৰ পৰা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা উত্তৰ-পূৱ গ্ৰন্থমেলা প্ৰথমবাৰৰ বাবে স্থগিত ৰাখিবলগীয়া হোৱা ঘটনাই উদ্যোক্তাসকলকো হতাশ কৰি তুলিছে । আজি এক সংবাদমেলত উদ্যোক্তাসকলে গ্ৰন্থমেলাখন চলিত বৰ্ষত অনুষ্ঠিত নহয় বুলি ঘোষণা কৰাৰ সমান্তৰালভাৱে ইয়াক অনুষ্ঠিত কৰিবলৈ আগ্ৰহ থাকিলেও চৰকাৰৰ সহযোগিতা নোপোৱা বুলি মন্তব্য কৰিছে ।

গ্ৰন্থমেলাৰ ৰাজহুৱা উপদেষ্টা সমিতিৰ সভাপতি ড° দয়ানন্দ পাঠক, সম্পাদক ঘনশ্যাম নাথে, পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমেদ, সম্পাদক ধীৰাজ গোস্বামীয়ে অসম সাহিত্য সভাৰ ভৱনত এক সংবাদ মেলত যোৱা ২০ ডিচেম্বৰত বুদ্ধিজীৱী, লেখক, সাহিত্যিকৰ উপস্থিতত আয়োজক সমিতিৰ এখন ৰাজহুৱা সভাত গ্ৰন্থমেলাখন এবছৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি প্ৰকাশ কৰে ।

সংস্থাৰ সম্পাদক গোস্বামীয়ে কয়, ‘গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিবলৈ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চলিত বৰ্ষৰ মাৰ্চতে আবেদন কৰা হৈছিল । ক’ভিডৰ পৰিস্থিতিৰ বাবে শিক্ষা বিভাগৰ অনুমতি বিচৰাত অক্টোবৰত শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ নিয়ম অনুসাৰে গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰি মেইলযোগে আবেদন কৰা হৈছিল; কিন্তু আজিলৈকে আমি কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলো । ইয়াৰ উপৰি নিৰ্ধাৰিত মাহৰ পৰিৱৰ্তে অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰাৰ বাবে আলোচনা কৰা হৈছিল যদিও শিক্ষাৰ্থীৰ পৰীক্ষা, দেশৰ অন্য স্থানত গ্ৰন্থমেলা অনুষ্ঠিত হোৱা, বতৰ আদি বিভিন্ন দিশ অনুধাৱন কৰি অৱশেষত ২০২০ৰ উত্তৰ-পূৱ গ্ৰন্থমেলা এটা বছৰৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।’

উল্লেখ্য যে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ১৯৯৮ৰ পৰা গুৱাহাটীত বৃহৎ আয়োজনেৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিছে । প্ৰাৰম্ভিক বৰ্ষৰ পৰা ২০০১ লৈ এই গ্ৰন্থমেলা জজ খেলপথাৰত অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে ২০০৭ লৈ সোণাৰাম খেলপথাৰ আৰু ২০০৮ৰ পৰা চান্দমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত অগণন গ্ৰন্থপ্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত হৈ আহিছে ।

উল্লেখ্য যে নৱেম্বৰত অনুষ্ঠিত হৈ অহা এই গ্ৰন্থমেলাই প্ৰতিবছৰে বিপুল সমাদৰ লাভ কৰাৰ সমান্তৰালভাৱে প্ৰত্যেকটো বৰ্ষতে গ্ৰন্থ ব্যৱসায়ত ন ন অভিলেখ গঢ়ি আহিবলৈ সক্ষম হৈছে ।

এনে এখন গ্ৰন্থমেলা স্থগিত কৰিবলগীয়া হোৱাত উপদেষ্টা সমিতিৰ সভাপতি ড° পাঠকে কয়, ‘সকলোৱে আশা কৰিছিল গ্ৰন্থমেলা সঠিক সময়ত অনুষ্ঠিত হ’ব । বৌদ্ধিক মহলে অধিক আশাৰে বাট চাই থাকে এই গ্ৰন্থমেলালৈ । অসমীয়া ভাষা-সংস্কৃতি সকলো দিশ গ্ৰন্থমেলা এখনৰ লগত সম্পৰ্ক হৈ থাকে । এক বৌদ্ধিক অনুশীলনৰ পৰিৱেশ সৃষ্টি হয়; কিন্তু এইবাৰ স্থগিত ৰাখিবলগীয়া হ’ল । আমি কাকো দোষাৰোপ কৰিব নিবিচাৰো, ক’ভিডেই দোষী বুলি ধৰি লৈছো । ক’ভিডৰ কাৰণেই চৰকাৰে অনুমোদন নিদিলে ।’

Exit mobile version