শনিবাৰে তামিলনাডুৰ দোকানৰ বাহিৰত প্ৰয়াত ফুটবল খেলুৱৈ মাৰাডনাৰ আকৃতিৰ কেক স্থাপন কৰে।
কেকটো তৈয়াৰ কৰোঁতে প্ৰয়োজন হৈছিল ৬০ কেজি চেনী আৰু ২৭০ টা কণী । প্ৰায় চাৰি দিনত অন্তত তৈয়াৰ কৰি উলিওৱা হৈছিল ছয় ফুট ওখ কেকটো।
“প্ৰতি বছৰে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপনৰ সময়ত, বেকাৰীয়ে কেকৰ ছেলিব্ৰেটিৰ প্ৰতিমা নিৰ্মাণ কৰে আৰু তেওঁলোকক ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰে।
যোৱা কেইবছৰমানৰ ভিতৰত, বেকাৰীয়ে কেকচিলাত ইলিয়াৰজা, আব্দুল কালাম আৰু ভাৰতিয়াৰৰ প্ৰতিমা ৰাখিছে,” বেকাৰীৰ কৰ্মচাৰী সটিশ্ৰংগনাথনে কয়, “আমি যোৱা মাহত মৃত্যু হোৱা খেলুৱৈগৰাকীক সম্বৰ্ধিত কৰাৰ বাবে আৰু যুৱ সকলক তেওঁলোকৰ ম’বাইল ফোন আৰু কম্পিউটাৰত থকা পৰিৱৰ্তে ফিল্ডত খেলাৰ বাবে অনুৰোধ কৰাৰ বাবে এই মূৰ্তিটো তৈয়াৰ কৰিছোঁ,” ।
লগতে তেওঁ কয় যে আৰ্জেণ্টাৰ এখন সৰু চহৰত জন্ম গ্ৰহণ কৰা মাৰাডনা তেওঁৰ প্ৰচেষ্টাৰ বাবে ফুটবলত উজ্জ্বল হৈ পৰিছিল। তেওঁক একেদৰে মনত ৰখা হ’ব ।