অসমৰ সামাজিক আৰু ভৌগলিক অধ্যয়নৰ উদ্দেশ্যেৰে ঢলা শদিয়াৰ পৰা অকলে চাইকেল যাত্ৰাৰে ধুবুৰীত উপস্থিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ড° সঞ্জীৱ শাহু । 24 ডিচেম্বৰত ডঃ ভূপেন হাজৰিকা সেতুৰ মাজ ভাগৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰি ৭ দিনৰ অন্তত বুধবাৰে বিয়লি ধুবুৰীত উপস্থিত প্ৰবক্তাগৰাকী ।
২০২০ ত মহামাৰী কৰ’না ভাইৰাচৰ ফলত দীৰ্ঘদিনীয়া লকডাউনত ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল ভাঙি যোৱাত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিয়াৰ বাবে এই যাত্ৰা আৰম্ভ কৰিছে বুলি প্ৰবক্তাগৰাকীয়ে জানিব দিয়ে । নিজৰ বেমাৰী দেহাৰে ঔষধৰ টোপোলা লগত লৈ শদিয়াৰ পৰা ধুবুৰীত উপস্থিত হৈ ইচ্ছা থাকিলে মানুহে সকলো কামে সম্ভৱ কৰিব পাৰে তাৰে উদাহৰণ দিয়ে ।
পুনৰ গোৱালপাৰাৰ পৰা ঢলা শদিয়ালৈ পদযাত্ৰা আৰম্ভ কৰিব বুলি মন্তব্য কৰে প্ৰবক্তাগৰাকীয়ে ।