●ভাৰতত ন’ভেল কৰ’না ভাইৰাছত দৈনিক সংক্ৰমণৰ হাৰ নিম্নগামী হৈছে ।
●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ১৮ হেজাৰ ১৭৭ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ।
●ভাৰতত সৰ্বমুঠ এক কোটি তিনি লাখ ২৩ হেজাৰ ৯৬৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ।
●সম্প্ৰতি দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে দুই লাখ ৪৭ হেজাৰ ২২০ জন ।
●বিগত ২৪ ঘণ্টাত ২২৭ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।
●সম্প্ৰতি এক লাখ ৪৯ হেজাৰ ৪৩৫ জন লোকে ক’ভিডৰ ফলত প্ৰাণ হেৰুৱাইছে ।
●অন্যান্য দেশৰ তুলনাত ভাৰতত সুস্থতাৰ হাৰ যথেষ্ট আশাপ্ৰদ ।
●বৰ্তমানলৈকে ক’ভিড আক্ৰান্ত ৰোগীৰ মুঠ সুস্থতাৰ সংখ্যা হৈছে ৯৯ লাখ ২৭ হেজাৰ ৩১০ জন ।
●সৰ্বমুঠ সুস্থতাৰ হাৰ হৈছে ৯৬.১৬ শতাংশ ।