এই বিশ্বত দ্বিশতাধিক সৰু-বৰ দেশ আছে । ইয়াৰে কিমানখন দেশৰ নাম বাৰু মানুহৰ মনত থাকে ? শতাধিক দেশৰ নামৰ লগতে ৰাজধানী আৰু পতাকা চিনাক্তকৰণ একেবাৰে সহজ কাম নহয় । কণ্ঠস্থ থাকিলেহে শতাধিক দেশ আৰু সেই দেশৰ ৰাজধানীৰ নাম কিছু সময়ৰ ভিতৰত ক’ব পাৰি । লগতে চিনাক্ত কৰিব পাৰি দেশসমূহৰ পতাকাও ।
কিন্তু ডেৰশ দেশৰ নাম, ৰাজধানী আৰু পতাকা চিনাক্তকৰণৰ বাবে আৰু কিমান সময় লাগিব ? সকলো মানুহে সেই কথা হয়তো চিন্তাও কৰিব নোৱাৰে । কিয়নো ই এক অতিশয় কঠিন কাম । অথচ এই অতি কঠিন কামটোৱেই বৰ সহজে সম্পাদন কৰি সকলোকে স্তম্ভিত কৰি তুলিছে এই কণমানি শিশুৱে ।
মাত্ৰ চাৰি মিনিট ১৭ ছেকেণ্ডতে এই প্ৰায় অসাধ্য সাধন কৰি উজ্জয়িনীৰ এটি কন্যা শিশুৱে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।
বিভিন্ন দেশ সম্পৰ্কে জনাৰ আগ্ৰহ অধিকাংশ লোকৰে থাকে । কিন্তু ১৫০ খন দেশৰ নাম আৰু ৰাজধানী মনত ৰখাৰ বাবে স্বাভাৱিকতেই দীৰ্ঘদিনৰ অধ্যাৱসায়ৰ প্ৰয়োজন । অথচ এই কামেই মাত্ৰ সাত সপ্তাহত কৰি দেখুৱালে উজ্জয়িনীৰ প্ৰেছা খেমানি নামৰ পাঁচ বছৰীয়া কন্যা শিশুটিয়ে ।
মাত্ৰ সাত সপ্তাহতে ১৫০খন দেশ, ৰাজধানী আৰু পতাকাৰ বিষয়ে অধ্যয়নৰ দ্বাৰা কণ্ঠস্থ কৰাৰ পাছত প্ৰেছাই মাত্ৰ চাৰি মিনিট ১৭ ছেকেণ্ডৰ ভিতৰতে উক্ত ডেৰশ দেশৰ লগতে দেশসমূহৰ ৰাজধানীৰ নাম আৰু পতাকা চিনাক্ত কৰি দিবলৈ সক্ষম হয় । এই বিস্ময়কৰ প্ৰতিভাৰ বাবে শিশুটিয়ে ‘ৱৰ্ল্ড ৰেকৰ্ড ইণ্ডিয়া বুক’ পুৰস্কাৰো জয় কৰে ।
পাঁচ বছৰীয়া প্ৰেছাৰ এই প্ৰতিভাৰ প্ৰসংগত পিতৃ ভাৰত খেমানিয়ে কয়, ‘বিভিন্ন দেশ আৰু সেই সমূহৰ পতাকাৰ প্ৰতি আমাৰ ছোৱালীজনীৰ প্ৰৱল আগ্ৰহ আছিল । ইয়াক লৈ মোক বিভিন্ন প্ৰশ্ন কৰি থাকিছিল । মই নাম কোৱাৰ পাছত তৎক্ষণাত সেইবোৰ মনত ৰাখি থৈছিল ।’
সেইদৰে প্ৰেছাৰ মাতৃ সংগীতাই কয়, ‘ছোৱালীজনীয়ে একেবাৰে মোৰ স্বভাৱ পাইছে । মোৰো ভূগোল বিষয়ত প্ৰৱল আগ্ৰহ আছিল । ছোৱালীজনীলৈকো সেই বিষয়টো আহিছে । মই তাইক এই বিষয়ত সকলো সময়তে উৎসাহ দি থাকো ।’
প্ৰশ্ন উঠিছে, ইমানবোৰ দেশৰ নাম সহজে মনত থাকিল প্ৰেছাৰ ? এই সন্দৰ্ভত শিশুটিৰ পিতৃ-মাতৃয়ে জনাইছে যে তলাবন্ধৰ সময়ত তেওঁলোকৰ এজন বন্ধুৱে প্ৰেছাক এখন কিতাপ উপহাৰ দিছিল । তাত বিভিন্ন দেশৰ বৰ্ণনা আছিল । প্ৰতি সপ্তাহত প্ৰেছাই এখনকৈ মহাদেশ বাছি লৈছিল । এসপ্তাহ ধৰি সেই মহাদেশৰ সমস্ত দেশ, সিবোৰৰ ৰাজধানী আৰু পতাকা চিনি লৈছিল । সেইবোৰ প্ৰতিদিনে অভ্যাস কৰিছিল ।
অভিলেখৰ অধিকাৰী প্ৰেছাই এই সন্দৰ্ভত কয়, ‘এতিয়া যিমান পাৰো সোনকালে দেশসমূহৰ মুদ্ৰা, ভাষা আৰু নেতাসকলৰ নাম কণ্ঠস্থ কৰিব বিচাৰো ।’