ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংস্থা বাৰ্ড কাউণ্ট ইণ্ডিয়াই এই বৰ্ষতো আয়োজন কৰিছে “বিহু বাৰ্ড কাউণ্ট-২০২১” ৷ উল্লেখযোগ্য যে অসমীয়াৰ বাপতি সাহোন বিহু যিহেতু প্ৰকৃতিৰ লগত অঙ্গাঙ্গীভাৱে সংপৃক্ত উৎসৱ, সেয়ে তিনি বিহুৰ অন্যতম এই ভোগালীৰ সময়তে প্ৰকৃতিৰ সৈতে থকা এই বিহুৰ মহত্ব আৰু প্ৰাসংগিকতাক অধিক সমৃদ্ধিশালী ৰূপত প্ৰকট কৰাৰ উদ্দেশ্যে বিগত বৰ্ষত বাৰ্ড কাউণ্ট ইণ্ডিয়াই অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল ‘বিহু বাৰ্ড কাউণ্ট’ ৷
সেই অনুসৰি বনৰীয়া চৰাই পৰ্যবেক্ষণ আৰু গণনা, চৰাইৰ তালিকা প্ৰস্তুতকৰণৰ উপৰি চৰাইৰ গুৰুত্ব, চৰাই সংৰক্ষণৰ প্ৰয়োজনীয়তা ইত্যাদি দিশত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষৰে এই বৰ্ষতো অহা ১৪ ৰ পৰা ১৭ জানুৱাৰীলৈ চাৰিদিনীয়াকৈ সংস্থাটোৱে আয়োজন কৰিছে বিহু বাৰ্ড কাউণ্ট-২০২১ ৷
ইয়াৰ জৰিয়তে চৰাই পৰ্যবেক্ষণত আগ্ৰহী যিকোনো লোকে নিম্নতম পোন্ধৰ মিনিট বা ইচ্ছা অনুসৰি দীৰ্ঘ সময়ৰ বাবে কাষৰীয়া বননি, পথাৰ, জলাশয় বা আন যিকোনো পৰিসৰত চৰাই পৰ্যবেক্ষণ কৰি দেখা পোৱা চৰাইসমূহৰ প্ৰজাতিভেদে তালিকা প্ৰস্তুত কৰি সেই তালিকা ই-বাৰ্ড ইণ্ডিয়াৰ http://ebird.org/india/home ৱেবচাইটত আপলোড কৰিব লাগিব ৷
আনহাতে কোনোৱে যদি কোনো কলেজ, বিশ্ববিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান বা আন সংস্থা আদিৰ এলেকাৰ ভিতৰত চৰাই পৰ্যবেক্ষণ কৰে, উক্ত ক্ষেত্ৰ ই-বাৰ্ড ইণ্ডিয়াৰ ‘হটস্পট’ৰ ভিতৰত পৰে নেকি সেয়া প্ৰথমে নিশ্চিত কৰিব লাগিব ৷ যদি সেয়া হয় তেতিয়া পৰ্যবেক্ষকগৰাকীয়ে প্ৰস্তুত কৰা চৰাইৰ তালিকা উক্ত ‘হটস্পট’ত আপল’ড কৰিব লাগিব ৷ যদি নাই উক্ত ক্ষেত্ৰক ই-বাৰ্ড ইণ্ডিয়াৰ ‘হটস্পট’ৰ অন্তৰ্ভূক্ত কৰাৰ বাবেও আহ্বান জনাইছে সংস্থাটোৱে ৷
উল্লেখযোগ্য যে বিগত বৰ্ষৰ বিহু বাৰ্ড কাউণ্টত অসমৰ ১৪ খন জিলাৰ ৪৬ গৰাকী চৰাই পৰ্যবেক্ষকে মুঠ ৩৮২ টা চৰাইৰ প্ৰজাতি অন্তৰ্ভূক্ত কৰি ২৪০ খন চেকলিষ্ট প্ৰস্তুত কৰিছিল ৷ বিহু বাৰ্ড কাউণ্টৰ ক্ষেত্ৰত অধিক জানিবলগীয়া থাকিলে আগ্ৰহীসকলক http://birdcount.in/events/regional/bihu-bird-count ৱেবচাইটৰ সহায় ল’বলৈ সংস্থাটোৱে আহ্বান জনাইছে ৷