সমাগত ২১ ৰ বিধানসভা ৰণৰ বাবে বিজেপি, অসম প্ৰদেশৰ প্ৰস্তুতিৰ বুজ ল’বলৈ গুৱাহাটীত উপস্থিত হৈছেহি ভাজপাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ডাঙৰীয়া।
এক প্ৰেছ বিজ্ঞপ্তি যোগে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে জানিব দিয়ে যে, ১১ জানুৱাৰী অৰ্থাৎ আজি দিনৰ ১২ বজাৰ পৰা নিশা ৮.৩০ বজালৈ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, মুখপাত্ৰ,সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ কাৰ্যকর্তাসকলৰ লগত পৃথকে পৃথকে দলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব।
পাৰ হৈ যোৱা নিৰ্বাচন সমূহৰ দৰে ২১ ৰ নিৰ্বাচনতো বিজেপি, অসম প্ৰদেশে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যম বিভাগক বিধানসভা ৰণৰ অন্যতম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব। সেয়ে ৰাজ্যিক বিজেপিৰ এই দুয়োটা বিভাগক শক্তিশালী তথা পূৰ্বতকৈ অধিক সক্ৰিয় কৰি তুলিবৰ বাবে বি এল সন্তোষ ডাঙৰীয়াই আমিনগাঁৱৰ বৈঠকতে গুৰুত্বপূৰ্ণ মতামত প্ৰদান কৰিব।
তেওঁ লগতে কয় যে আহি থকা নিৰ্বাচনৰ বাবে, বি এল সন্তোষ ডাঙৰীয়াৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ, তেখেতৰ এই ভ্ৰমনে ইতিমধ্যেই তুংগত থকা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ঢৌক আৰু অধিক তৰাম্বিত কৰি তুলিব।
ভাজপাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়াই আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত শিলচৰত হাজাৰোধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা “বিজয় সংকল্প সমাৱেশত” অংশগ্ৰহণ কৰে। শিলচৰৰ পুলিচ পেৰাডে গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা আজিৰ এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত থাকে।
ডিচেম্বৰ মাহৰ শেষৰ ফালে কৰিমগঞ্জত অনুষ্ঠিত হোৱা বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু আজি শিলচৰত ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত অনুষ্ঠিত হোৱা দলীয় সভাৰ ঢৌৰ প্ৰভাৱে এইবাৰ সমগ্ৰ বৰাক উপত্যকাত পদুমৰ পাহি জিলিকি উঠিব বুলি মুখপাত্ৰ গৰাকীয়ে জানিব দিছে।






























