Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বোকাখাতত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা : কেন্দ্ৰীয় মন্ত্ৰী-মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল্লী অংশগ্ৰহণ

publisher by publisher
January 21, 2021
in Assam, India, News
Reading Time: 1 min read
0
বোকাখাতত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা : কেন্দ্ৰীয় মন্ত্ৰী-মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল্লী অংশগ্ৰহণ
4
SHARES
39
VIEWS
ShareShareShareShare

ৰাজ্যখনৰ ৫৮ লাখ কৃষকক আগুৱাই নিয়াৰ বাবে চাৰকাৰীভাৱে গ্ৰহণ কৰিছে অভিলাষী আঁচনি : মুখ্যমন্ত্ৰী

ADVERTISEMENT

বোকাখাতত আজিৰে পৰা অসম চৰকাৰৰ কৃষি উদ্যান শস্য বিভাগৰ উদ্যোগত আয়োজিত ‘ৰাষ্ট্রীয় কৃষি উদ্যান শস্য প্ৰদৰ্শনী ২০২১’ অনুষ্ঠানৰ শুভাৰম্ভ হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হেলিকপ্টাৰেৰে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত উপস্থিতি হৈ অনুষ্ঠানৰ শুভ উদ্বোধন কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ ফলশ্ৰুতিত তেওঁ উপস্থিত থাকিব নোৱাৰে যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বোধনী অনুষ্ঠানৰ মুকলি সভাত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে।

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সভাত মুখ্যমন্ত্ৰী সোণোৱালে কয়, ‘এই অনুষ্ঠানে আমাৰ নৱ প্ৰজন্মৰ কৃষকসকলক আধুনিক কৃষি পদ্ধতিৰ স’তে পৰিচয় কৰাৰ সুযোগ প্ৰদান কৰিব আৰু ই তেওঁলোকক উৎসাহিত কৰিব। নৱ প্ৰজন্মই এই প্ৰদৰ্শনীৰ জৰিয়তে কৃষি কাৰ্যত নিয়োজিত হোৱা, বজাৰ ব্যৱস্থাৰ স’তে সংযোগ স্থাপন আৰু প্ৰযুক্তিগত দিশত মূল্য সংযোজিত কৰাৰ বাবে জ্ঞান আহৰণ কৰিবলে সক্ষম হ’ব।’

ৰাজ্যখনৰ ৫৮ লাখ কৃষকক আগুৱাই নিয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি সোণোৱালে কয় যে, গ্ৰাম্য অৰ্থনৈতিক ব্যৱস্থা টনকীয়াল কৰাৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ত কৃষকৰ উৎপাদন দুগুনলৈ বৃদ্ধি কৰাৰ বাবে যি লক্ষ নিৰ্ধাৰণ কৰিছে ; সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আমাৰ কৃষকসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উৎপাদন বৃদ্ধি কৰি আমদানি বঢ়াব লাগিব।

  WhatsApp Image 2021 01 21 at 9.01.48 PM

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজিত কৰি উন্নত মানদণ্ডৰ সামগ্রী প্ৰস্তুতৰে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ বাবে অসমীয়া কৃষকসকলে প্ৰয়াস কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে কৃষি সন্মান নিধি, কৃষি সিঁচাই যোজনা, চইল্ হেল্থ কাৰ্ড, কে চি চিৰ দৰে কৃষক সমাজ উপকৃত হ’ব পৰাকৈ বহু আঁচনি গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে দেশৰ কৃষিখণ্ডৰ আন্ত:গাঁথনি টনকীয়াল কৰাৰ বাবে এক লাখ কোটি টকাৰ পেকেজৰ কথা ঘোষণা কৰি ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এয়া কৃষক সকলৰ কাৰণে সুবৰ্ণ সুযোগ।

সোণোৱালে কয় যে, ৰাজ্যৰ কৃষকসকলে উৎপাদন কৰা কৃষিজাত সামগ্ৰী এতিয়া ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ কৃষকৰ বাবে এইটোও এক শুভ লক্ষণ বুলিও মন্তব্য কৰে।

WhatsApp Image 2021 01 21 at 9.02.21 PM

কৃষিখণ্ডৰ বিকাশ সাধনৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীযে কয় যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য যোজনাৰ জৰিয়তে ট্ৰেক্টৰ প্ৰদানৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৃষিখণ্ডত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ লক্ষ্যই হৈছে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা। ৰাজ্যৰ কৃষিখণ্ডৰ বিকাশৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথাও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। ৰাজ্য চাৰকাৰে অসমক দক্ষিণ-পূব এছিয়াৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিব বিচাৰে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ কৃষকসকলে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে কাম কৰিব লাগিব। এক্ট ইষ্ট প’লিচিৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ১৩খন ৰাষ্ট্ৰৰ স’তে যোগাযোগ সম্ভব হৈ উঠিছে। অসমীয়া যুৱক-যুৱতীয়ে আত্মবিশ্বাস বৃদ্ধি কৰি দক্ষিণ-পূব এছিয়াৰ বজাৰ দখল কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বক্তব্য আগবঢ়ায়।

ইপিনে, কৃষিমন্ত্ৰী অতুল বৰাই কয় যে, আধুনিক কৃষিৰ সংজ্ঞা সুকীয়া। ই ধান-মাহ-সৰিয়হকে নুবুজায়। বজাৰ আমি দখল কৰিব লাগিবই বুলি আদৰণি ভাষণত উল্লেখ কৰে মন্ত্ৰী বৰাই। যোৱা পাঁচ বছৰে অসমৰ নৱ-প্ৰজন্মৰ কৃষকে আধুনিক কৃষি পদ্ধতি আয়ত্ব কৰিছে। তেওঁলোকে গম পালে যে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হ’ল কৃষি। এই অৰ্থনীতি সবল কৰিবলৈ কৃষক, বজাৰ আৰু চৰকাৰ একাকাৰ হ’ব লাগিব।

WhatsApp Image 2021 01 21 at 9.01.48 PM 1

লগতে, কৃষিমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ ৭,৮৩,০০০ কৃষক উপকৃত হৈছে আৰু ২,৭৩,০০০ কৃষকক ইতিমধ্যে সাহায্য প্ৰদান কৰা হৈছে। আনহাতে, ৪০,০০০ পাৱাৰ পাম্পৰ লগতে ২০ টা মাটি পৰীক্ষা কেন্দ্ৰও সোণোৱাল চৰকাৰৰ দিনতে স্থাপন কৰা হৈছে বুলিও প্ৰকাশ কৰে। স্বাধীনতাৰ পাছত ৰাজ্যখনত কংগ্ৰেছৰ শাসনত এনে উন্নয়ন সম্ভৱ হোৱা নাছিল যদিও অগপ-বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে কৰি দেখুৱালে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মন্ত্ৰী বৰাই কয় যে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেলাখনৰ মূল উদ্দেশ্য হ’ল বিশ্বৰ আধুনিক কৃষি কৌশলৰ প্ৰদৰ্শন, কৃষক আৰু কৃষি বিজ্ঞানীৰ মাজত ভাৱৰ আদান-প্ৰদান, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ, ক্রেতা-বিক্রেতাৰ মাজত প্ৰত্যক্ষ মত-বিনিময়, কৃষক প্ৰশিক্ষণ, কৃষি তথা উদ্যান শস্যৰ লগত জড়িত বিভিন্ন প্ৰদৰ্শনী আদিৰ জৰিয়তে অসমৰ কৃষক ৰাইজক বাণিজ্যিক কৃষি কৰ্মৰ প্ৰতি আকৃষ্ট কৰা। ৰাজ্যখনৰ প্ৰগতিশীল কৃষকসকলে এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ অভিজ্ঞতা অন্য কৃষকৰ স’তে মত-বিনিময়ৰ মাধ্যমেৰে আলোচনা কৰাৰ সুযোগ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তদুপৰি, তেওঁ কয় যে, অসমৰ কৃষকে প্ৰতিযোগিতা মূলক আৰু বজাৰকেন্দ্ৰিক খেতিৰ প্ৰতি আকৰ্ষিত হ’ব লাগিব। কৃষিৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বীতা আহৰণৰ বাবে কৃষক সমাজে প্ৰয়াস চলাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে বক্তব্যত প্ৰকাশ কৰে।

আনহাতে, সভাত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে তেওঁৰ ভাষণত কৃষিমন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ অভিনন্দন জ্ঞাপন কৰি কয় যে এইসকলৰ ভাল মানসিকতাৰ বাবেই অসম কৃষিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়ি গৈছে। কৃষি আৰু কৃষক নাথাকিলে দেশ জীয়াই নাথাকে। অসম ধান, চাহ, ফল-মূল আৰু বিশাল জলৰাশিৰে পৰিপূৰ্ণ সঁজাল প্ৰদেশ। ভাৰত চৰকাৰে অসমৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু আছে বুলিও কয়।

তদুপৰি, তেওঁ দেশৰ সৰ্বমুঠ চাহ উৎপাদনৰ ৫০ শতাংশ অসমতেই উৎপাদন হয় বুলি কৈ অসমৰ কৃষি উৎপাদনৰ প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। লগতে অসমত বাঢ়ি অহা কৃষি নিৰ্ভৰশীলতাই ভাৰত চৰকাৰক আকৰ্ষিত কৰিছে আৰু ইয়াৰ কৃতিত্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষিমন্ত্ৰী অতুল বৰালৈ যোৱা উচিত বুলি তেওঁ নিজৰ ভাষণত ব্যক্ত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী টোমৰে কয় যে, এই ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য প্ৰদৰ্শনী অনুষ্ঠানে আন্ত:ৰাষ্ট্ৰীয় ৰূপ গ্ৰহণ কৰিছে। এয়া অসমৰ কৃষকসকলৰ বাবে এক আনন্দৰ বতৰা। অসমত বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী উৎপাদন হয় বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনে কৃষিজাত সামগ্ৰী উৎপাদনৰ দিশত বিশ্বৰ এক হাব হিচাবে পৰিগণিত হ’বলৈ ধৰিছে। তেওঁ লগতে কয় যে অসমৰ সামগ্ৰীয়ে যাতে বিদেশৰ বজাৰ দখল কৰিব পাৰে সেই উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে।

ভাৰত চৰকাৰে অসমৰ কৃষি খণ্ডৰ উন্নয়ন আৰু উৎপাদন বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ২৮ শতাংশ বাঁহ অসমতে উৎপাদন হয়। অসমৰ কৃষকসকল উপকৃত হ’ব পৰাকৈ মেগাফুড পাৰ্ক স্থাপনৰ বাবে খাদ্য শংসাধন মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। ইয়াৰ ফলত অসমৰ আয় বৃদ্ধি পোৱাৰ লগতে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষক সমাজৰ বিকাশৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰে কৃষক সমাজৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথাও প্ৰকাশ কৰে। কৃষকসকলক ১৩ লাখ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। ক’ভিড-১৯ৰ ফলত প্ৰতিবন্ধকতাই দেখা দিছিল যদিও সম্প্ৰতি দেশৰ কৃষকসকলে উৎপাদন দুগুণে বৃদ্ধি কৰিবলৈ পাৰদৰ্শিতা দেখুৱাইছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে প্ৰকাশ কৰে।

উল্লেখ্য যে আজি পুৱা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ কৰে অসম চৰকাৰৰ কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিবেশন কৰে।

অনুষ্ঠানত অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, অসম চৰকাৰৰ প্ৰধান সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ৰাজেশ প্ৰসাদ, নাইজেৰিয়াৰ উচ্চ আয়ুক্ত এলাটাইজ ইচমাইল আয়ুবামী, ঘানাৰ চাৰ্জ দ্যা এফেয়াৰ্চ বেলিৱাইন চেবেচটাইন, মংগোলিয়াৰ ৰাষ্ট্ৰদূত গনচিং গেনবল্ড, ফিজিৰ চাৰ্জ দ্যা এফেয়াৰ্চ নীলেচ ৰনীল, ভূটানৰ কনচাল জেনেৰেলফুব চেৰিং, কংগো গণৰাজ্যৰ উচ্চ আয়ুক্ত ৰচেটি মচি নিয়ামেল, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° বিদ্যুত চন্দ্ৰ ডেকা, অসম চৰকাৰ কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালক আকাশ দীপ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, পশুপালন বিভাগৰ সচিব অশোক বৰ্মন, ইণ্ডোনেছিয়াৰ সচিব এনী ইওলিয়াণ্টী, ভিয়েটনামৰ ৰাজনীতি আৰু অৰ্থনীতিৰ মূৰব্বী জিউয়েনথী গকডাং, গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ মোডী, অসম উদ্যান শষ্য বিভাগৰ ডাইৰেক্টৰ আব্দুল জেলিল, অসম বীজ কৰ্পৰেচনৰ অধ্যক্ষ প্ৰবীন হাজৰিকা, গোলাঘাট জিলাৰ বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিতি থাকে।

অনুষ্ঠানত অসমৰ আগশাৰীৰ যুৱ কৃষক গোলাঘাটৰ পল্লৱ গগৈ, মাজুলীৰ বিনয় লেখক, লক্ষীমপুৰৰ হেমকান্তি পায়েং আৰু নলবাৰীৰ বিপুল হালৈক কেন্দ্ৰীয় চৰকাৰৰ কৃষক বঁটা প্ৰদান কৰে ৷ অনুষ্ঠানত ‘ৰূপান্তৰ’, ‘চেল্ফ অৱ প্ৰজেক্ট’ আৰু ‘এগ্ৰি হৰ্টি চেক্তৰ ইন আসাম’ নামৰ তিনিখন গ্ৰন্থও উন্মোচন কৰা হয় ৷ ইয়াৰ পাছতে পশুপালন বিভাগৰ দ্বাৰা ক্ৰয় কৰা এনিমেল এম্বুলেঞ্চ পাঁচখন ৰাইজৰ বাবে মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক ভৱেন ভৰালীয়ে ৷

ইয়াৰ পাছতে অনুষ্ঠানৰ সফলতা কামনাৰে বেলুন উৰুৱায় মন্ত্ৰী অতুল বৰাই। ইপিনে, আজি প্ৰদৰ্শনীত ৰাজ্যখনৰ ১৮৩ খন বিপনীয়ে অংশগ্ৰহণ কৰা দেখা যায়।

উল্লেখ্য যে যোৱা দুদিন ধৰি হোৱা বৰষুণ আৰু প্ৰচণ্ড শীতকো নেওচি প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত হ’ল ৰাইজ। ৰাইজৰ বিপুল সঁহাৰিয়ে কৃষিজীৱী সমাজক আপ্লুত কৰি তুলিছে। আজিৰে পৰা সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bokakhat assamNarendra Singh TomarSarbananda Sonowal
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d