ম’হৰ শিঙৰ দৰে দাঢ়িৰ বাবেই পৰিণত ‘দাঢ়ি মানৱ’ত

MJ Johnson Beard

বয়ঃসন্ধিকালৰ পৰাই কিশোৰৰ মুখত দাঢ়ি-গোঁফ গজিবলৈ আৰম্ভ কৰে । সেই সময়ত প্ৰায় অধিকাংশ কিশোৰেই বিব্ৰতবোধ কৰে । বহুতেই দাঢ়ি-গোঁফ কাটি মুখ পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰে । কিন্তু এই দাঢ়ি-গোঁফক অতি কম সংখ্যকেহে ফেশ্বনৰ পৰ্যায়লৈ লৈ যাব পাৰে । আমেৰিকাৰ মিনেছ’টাৰ নামৰ অঞ্চলৰ নিবাসী এম জে জনছনৰ আকৌ কথাই বেলেগ । কিয়নো গালৰ দাঢ়িয়ে হৈ পৰিছে জনছনৰ পৰিচয় । তেওঁৰ ম’হৰ শিঙৰ দৰে ওপৰৰ ফালে বেঁকা হৈ উঠা বিশালকাৰ দাঢ়ি দূৰৰ পৰাই সহজে দৃষ্টিগোচৰ হয় ।

১১ বছৰ বয়সতে জনছনৰ মুখত দাঢ়িয়ে ভূমুকি মাৰিছিল । তেতিয়াৰ পৰাই দাঢ়িৰ প্ৰতি তেওঁৰ ভালপোৱা গঢ়ি উঠিছিল । প্ৰথম অৱস্থাত জনছনে দাঢ়ি বঢ়োৱা কাৰ্যক ধেমালিৰ পৰ্যায়লৈ নিছিল । যেতিয়াৰ পৰা দাঢ়ি বঢ়াবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই তেওঁক দেখি সকলোৱে হাঁহিবলৈ ধৰিছিল ।

অৱশ্যে জনছনে ইয়াত উৎসাহহে পাইছিল । জনছনে নিজেই জনাইছে যে কেতিয়াবা নিজৰ বৰ্ধিত দাঢ়িৰে তেওঁ বান্ধৱীসকলকো প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছিল । তেওঁৰ দাঢ়িৰ প্ৰতি শিশুসকলৰ মনত সৃষ্টি হৈছিল কৌতুহল । অৱশ্যে তেতিয়াও জনছনে কল্পনা কৰা নাছিল যে এদিন তেওঁ পৰিচিত হ’ব ‘দাঢ়ি মানৱ’ নামেৰে ।

২০০৯ৰ কথা । ইণ্টাৰনেটত নানা বিষয়ত তেওঁ পঢ়া-শুনা কৰিছিল । এদিন হঠাৎ তেওঁৰ চকুত পৰিল দাঢ়ি প্ৰতিযোগিতাৰ বিষয়টো । ৰং-বিৰঙৰ, নানা আকাৰ আৰু দৈৰ্ঘৰ বিভিন্ন লোকৰ দাঢ়িয়ে জনছনক বাৰুকৈয়ে প্ৰভাৱিত কৰে । দাঢ়িৰ প্ৰতি তেওঁৰ আগৰে পৰাই ভালপোৱা আছিল, এইবাৰ সেই ভালপোৱাকেই তেওঁ কিছুদূৰ আগুৱাই নিয়াৰ কথা ভাবিলে ।

সেই ২০০৯ৰ পৰাই জনছনে নিজৰ দাঢ়িক বিশেষ ৰূপ দিবলৈ আৰম্ভ কৰিলে । বিগত ১২ বছৰত তেওঁ এদানো দাঢ়ি চুটি কৰাৰ কথা ভবা নাছিল । বৰঞ্চ ব্যস্ত হৈছিল নিজৰ দাঢ়িক এটা বিশেষ আকাৰ দিয়াত ।

১২ বছৰৰ পুৰণি এই দাঢ়ি দেখিলে বহুতে গোঁফ বুলিয়েই ভুল কৰিব পাৰে । কিয়নঝ তেওঁৰ গোঁফৰ স’তেই পোনপটীয়া যোগাযোগ আছে দাঢ়িৰ । গোঁফৰ পৰাই ওলাই সেই দাঢ়িয়ে কাণৰ কাষত ভাজ লৈ ম’হৰ শিঙৰ আকাৰ লৈছে । লগতে থুঁতৰিত দাঢ়িৰ স্থান সম্পূৰ্ণৰূপে খালী । প্ৰায় ডেৰ ফুট দৈৰ্ঘ্যৰ এই দাঢ়ি দেখিলে সহজেই বেঁকা শিং বুলি ভুল হ’ব পাৰে ।

যোৱা বছৰ আমেৰিকাত অনুষ্ঠিত দাঢ়ি প্ৰতিযোগিতাত জনছনে লাভ কৰে ‘মেন উইথ বেষ্ট বিয়েৰ্ড’ খিতাপ । এই প্ৰতিযোগিতাত প্ৰধানকৈ তিনিটা বিষয় বিচাৰ কৰে বিষয়াসকলে । প্ৰথমতে দাঢ়িৰ দৈৰ্ঘ, দ্বিতীয়তে দাঢ়িৰ ষ্টাইল আৰু তৃতীয়তে মঞ্চৰ প্ৰদৰ্শন । তাৰ উপৰি এই প্ৰতিযোগিতাত সৰু, দীঘল, ফ্ৰী ষ্টাইল আদি ১৬ প্ৰকাৰৰ কেটেগ’ৰী আছে ।

উল্লেখ্য যে জনছনৰ পত্নীয়ে কেতিয়াও এনে অদ্ভুত দাঢ়িৰ বাবে আপত্তি দৰ্শোৱা নাই । বৰঞ্চ প্ৰেৰণাহে যোগোৱা বুলি সদৰী কৰি জনছনে কয় যে, পত্নী আৰু সন্তানৰ অনুপ্ৰেৰণা তথা ভালপোৱা অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন । প্ৰতি সপ্তাহত জনছনে পত্নীৰ দামী হেয়াৰ কণ্ডিচনাৰ নিজৰ দাঢ়িত লগায় । ইয়াক লৈও পত্নীৰ কোনো আপত্তি নাই । বৰঞ্চ পত্নীয়ে এই আচহুৱা দাঢ়িক পছন্দ কৰে বুলিহে জনছনে জনাইছে । য’লৈকে যায়, জনছনৰ দাঢ়ি চোৱাৰ বাবে সকলো কাষলৈ আহে । বহুতেই স্পৰ্শ কৰিও চাব বিচাৰে ।

এই ধৰণৰ দাঢ়ি কেনেকৈ সম্ভৱ হ’ল বুলিও প্ৰশ্ন কৰে । ইতিমধ্যে প্ৰচুৰ পুৰস্কাৰ জয় কৰিছে জনছনে । বহুতো দাঢ়ি প্ৰতিযোগিতাৰ বিচাৰকো হৈছে । ইয়াৰ বাবে তেওঁ গৰ্বও অনুভৱ কৰে । নিজে দাঢ়ি সমাজৰ এজন হ’ব পৰাৰ বাবেও পৰম আনন্দিত জনছন । কিয়নো তেওঁ ধাৰণা কৰে, এই সমাজৰ প্ৰতিজন মানুহ অত্যন্ত খোলা-মেলা মনৰ । ভাল বন্ধুসকলৰ স’তে অত্যন্ত উপভোগ্য সময় অতিবাহিত কৰিব পাৰে ।

Exit mobile version