অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী গোৱালপাৰাৰ জীয়ৰী প্ৰিয়ম পল্লৱীৰ স’তে বিবাহত বহিব ভৃগু কাশ্যপ ।বিয়াত বিশেষ আকৰ্ষণ হিচাপে ৰাছিয়াৰ পৰা আমন্ত্ৰণ কৰা হৈছে চাৰি গৰাকীকৈ নৃত্যশিল্পী লগতে দুজন ডিজে । লগতে থাকিব অসমৰ বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পী।
গুৱাহাটীৰ ৰাণীৰ চেং ৰিজৰ্টত অনুষ্ঠিত হ’ব বিয়া ।ভৃগুৰ মন্তব্য, “বহুদিনৰ পৰা আমি চিনাকি আছিলো যদিও এজনে আনজনৰ স’তে কাম কৰা নাছিলো । যেতিয়ালৈকে লগ পোৱা নাছিলো তেতিয়ালৈকে আমাৰ ভাল পোৱা হোৱা নাছিল । যিমান মই প্ৰিয়মক বেয়া পাইছিলো তাতকৈ অধিক প্ৰিয়মে মোক বেয়া পাইছিল । বোকাখাটত লগ পোৱা সময়ত আমি দুয়োয়ে দুয়োক ভালদৰে মতা নাছিলো আৰু তেতিয়াৰ পৰা আমাৰ ইজনে আনজনৰ প্ৰতি থকা বেয়া পোৱাখিনি আৰু বেছি বাঢ়ি গৈছিল ।
অৱশেষত যেতিয়া আমি ‘লাজে লাজে’ গীতটিত অভিনয়ৰ বাবে শিল্পী বিচাৰি আছিলো তেতিয়া পল্লৱীয়ে আমাৰ গীতটিত খাপ খাই পৰিছিল আৰু গানটোৰ শ্বুটিঙৰ বাবে আমি ৩০ দিনীয়া কাৰ্যসূচীত লাডাখলৈ গৈছিলো । সেই ৩০ দিনীয়া আমাৰ যি যাত্ৰা আছিল সেয়াই আছিল আমাৰ প্রেমৰ আৰম্ভণি ।”