কৰ’না সংক্রমণৰ ভয়তেই হওক বা সাৱধানতা অৱলম্বনৰ বাবেই, সাধাৰণ জনতাৰ এক বৃহৎ অংশই ব্যক্তিগত বাহনকে দৈনন্দিন আহ-যাহৰ বিশ্বাসী সম্বল কৰি লৈছে।
ফলস্বৰূপে বজাৰত বাইক আৰু স্কুটীৰ দৰে দুচকীয়াৰ চাহিদা তড়িত গতিত বাঢ়িব লাগিছে। কোম্পানীসমূহেও এই সুযােগ গ্রহণ কৰি নিতৌ ন ন মডেল মুকলি কৰিছে।
টিভিএছ নামৰ আগশাৰীৰ সংস্থাটোৱে শেহতীয়াকৈ মুকলি কৰিছে আই কিউব ইলেকট্রিক নামেৰে এখন নতুন স্কুটী। এই স্কুটীখনত আছে ৪.৪ কিলােৱাট ক্ষমতাৰ এটা বৈদ্যুতিক মটৰ। এবাৰ সম্পূৰ্ণকৈ চার্জ দিলে এই দুচকীয়াখন একেৰাহে ৭৫ কিলােমিটাৰ পর্যন্ত চলে।
প্রতি ঘণ্টাত ৭৮ কিলােমিটাৰ গতিবেগত চলা এই বাহনখনৰ আটাইতকৈ ডাঙৰ সুবিধাটো এই যে ইয়াক ষ্টার্ট কৰাৰ মাত্র ৪.২ ছেকেণ্ডৰ ভিতৰতে ৪০ কিলােমিটাৰ গতিবেগত চলাব পৰা যায়। বজাৰত এই বাহনখনৰ দাম এক লক্ষ ১৫ হেজাৰ টকা।






























