গ্ৰাহকৰ গোপনীয়তা ৰক্ষাৰ সন্দৰ্ভত ফেচবুক, হোৱাটছএপক আজি জাননী দিলে উচ্চতম ন্যায়ালয়ে । শীৰ্ষ ন্যায়ালয়ে জনায় যে, গ্ৰাহকৰ গোপনীয়তাক লৈ সংশয়ৰ সৃষ্টি হ’লে ন্যায়ালয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য । সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰকো জাননী প্ৰেৰণ কৰিলে শীৰ্ষ ন্যায়ালয়ে ।
কোনো গোচৰৰ শুনানিৰ সময়ত গ্ৰাহকৰ গোপনীয়তা ৰক্ষা কৰা ন্যায়ালয়ৰ দায়িত্ব বুলি মত পোষণ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰড ব’বডে । ফেচবুক আৰু হোৱাটছএপক উদ্দেশ্যি তেওঁৰ মন্তব্য, ‘সকলোৰে বাবে গোপনীয়তাৰ অধিকাৰ গুৰুত্বপূৰ্ণ । আপোনালোক দুই-তিনি লক্ষ কোটিৰ সংস্থা হ’ব পাৰে । কিন্তু জনসাধাৰণৰ গোপনীয়তা ৰক্ষাৰ দায়িত্ব আমাৰ আৰু আমিয়েই ৰক্ষা কৰিব লাগিব ।’
যোৱা জানুৱাৰীত পৰিসেৱা সংক্ৰান্ত সুৰক্ষা নীতিত পৰিৱৰ্তনৰ ঘোষণা কৰে হোৱটছএপে । তেওঁলোকে জনায় যে, আঠ ফেব্ৰুৱাৰীৰ পৰা এই নীতি কাৰ্যকৰী কৰা হ’ব । কিন্তু দেশজুৰি গ্ৰাহকৰ আশংকাৰ ফলত ধাৰ্য দিন পিছুৱাবলৈ বাধ্য হয় হোৱাটছএপ্ কৰ্তৃপক্ষ ।
নিজৰ বাৰ্তালাপ ফাদিল হোৱাৰ আশংকা পৰিলক্ষিত হয় বহু গ্ৰাহকৰ মাজত । হোৱাটছএপৰ নতুন সুৰক্ষা নীতিক লৈ শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কৰ্মণ্য সিং, ছৰিনসহ বহু লোক । ন্যায়ালয়ত তেওঁলোকৰ অধিবক্তা শ্যাম দিৱানৰ দাবী, ইউৰোপীয় ইউনিয়নৰ দেশসমূহতকৈ ভাৰতৰ সুৰক্ষা বিধি সংক্ৰান্ত নীতিত প্ৰভেদ কৰিছে হোৱাটছএপে ।
কিন্তু হোৱাটছএপৰ অধিবক্তা কপিল ছিব্বলৰ দাবী, ‘বিশ্বৰ অন্যান্য দেশৰ তুলনাত ইউৰোপীয় ইউনিয়নৰ দেশসমূহত হোৱাটছএপৰ বিশেষ সুৰক্ষা নীতি পৃথক । তাতে নতুন আইন আহিলে আমিও সেইটো অনুসৰণ কৰিম ।’