★ এক কাপ মধু এক বাল্টি কুহুমীয়া পানীত মিহলি কৰক।এতিয়া আপােনাৰ ভৰি এই বাল্টিত ১৫ৰ পৰা ২০ মিনিটৰ বাবে ডুবাই ৰাখক। এতিয়া আপােনাৰ গােৰােহা আৰামদায়কভাৱে মালিচ কৰক।ইয়াৰ পিছত অলপ পাতল গৰম পানীৰে ভৰিখন ধুব। এই প্রক্রিয়াটো দৈনিক পুনৰাবৃত্তি কৰক যেতিয়ালৈকে ভৰিৰ তলুৱাখন থিক নহয়।
★ চাউলৰ গুড়িৰ স’তে মধু আৰু নেমুৰ ৰস মিহলি কৰি এটা পেষ্ট প্রস্তুত কৰক। পেষ্টটো প্রস্তুত কৰাৰ পিছত, আপােনাৰ ভৰি ১০ মিনিটৰ বাবে পাতল গৰম পানীত ডুবাই ৰাখক। তাৰ পিছত আপােনাৰ গােৰােহাবােৰ প্ৰস্তুত কৰা পেষ্টেৰে ঘহক।যেতিয়ালৈ আপােনাৰ গােৰােহা কোমল নহয় তেতিয়ালৈকে এই প্রক্রিয়াটো সপ্তাহত দুবাৰ কৰিব।
★ৰাতি শুৱাৰ আগতে আপােনাৰ ভৰিৰ গােৰােহাত নাৰিকল তেল প্রয়ােগ কৰক।এতিয়া অলপদেৰি মালিচ কৰক। তাৰপাছৰ মােজা পিন্ধি গােটেই ৰাতি তেনেকে শুই যাওক।ৰাতিপুৱা গােৰােহাবােৰ পানীৰে ধুৱক। গােৰােহা কোমল নােহােৱালৈকে প্রতি নিশা শােৱাৰ আগতে এই প্রক্রিয়াটো পুনৰাবৃত্তি কৰক। অতি শীঘ্রেই আৰাম পাব।
★এমুঠি নিমপাত গুড়ি কৰি এক চাহ চামুচেৰে ভাল হালধি গুড়ি মিহলাই অলপ গোলাপ জল দি ১০-১৫ মিনিট পেক বনাই সপ্তাহত তিনি দিন সানক।
★গৰম ভাত তিনি চামুচ, মৌ, তিল তেল একেলগে মিহলাই গোৰোহাত লাহে লাহে মালিচ কৰক। ১০-১৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব। তাৰ পিছত গোলাপজলৰ লগত গ্লিচাৰিণ মিহলাই লগাই থ’ব।
★পকা অমিতাৰ লগত নেমুৰ ৰস মিহলাই গোৰোহাত লগাই ১৫-২০ মিনিট থ’ব।
★নিশা শোৱাৰ আগতে ভৰি দুখন ধুই ল’ব। সম পৰিমাণে জলফাই তেল আৰু নাৰিকল তেল মিহলাই ভৰিত সানি থ’ব গোটেই নিশা।
★যিসকলৰ ভৰি ফাটি ছটাছটকৈ এৰাই যায়, তেনে লোকে আম গছৰ ৰস অলপ, পানী মিহলাই ভৰি দুখন তিয়াই থ’ব।