এসময়ত কেলিফ’ৰ্ণিয়াৰ ক’ল’ৰাড’ মৰুভূমিৰ প্ৰাণ হৈ উঠিছিল ছেলটন নদী । ক’ল’ৰাড’ নদীৰ পৰা খাল কাটি ছেলেটন ছিংকত পানী সোমাই সৃষ্ট কৰা হৈছিল ছেলেটন হ্ৰদ । পাছত ক’ল’ৰাড’ হ্ৰদেই প্লাবিত হৈ পৰিণত হৈছিল নদীলৈ । সম্প্ৰতি সেই নদীয়ে বিলুপ্তিৰ পথত । এসময়ত প্ৰাণ হৈ উঠা নদী আজি মানুহ আৰু অন্যান্য প্ৰাণীৰ আতংকৰ আন এক নাম ।
১৯০০ত কেলিফ’ৰ্ণিয়া ডেভলপমেণ্ট কোম্পানীয়ে ক’ল’ৰাড’ নদীৰ পৰা খালৰ মাধ্যমত ছেলেটন ছিংকৰ পানী কঢ়িওৱা কাম আৰম্ভ কৰে । ১৯০৫ত এই খাল কটা কাৰ্য সম্পূৰ্ণ হয় । ক’ল’ৰাড’ নদীৰ পৰা পানীৰ সোঁত ববলৈ ধৰে শুষ্ক ছেলেটন ছিংকত । শুষ্ক হ্ৰদ ভৰি পৰে পানীৰে । তেতিয়াৰ পৰাই প্ৰাণৱন্ত হৈ পৰে এই হ্ৰদ ।
কাষৰীয়া অঞ্চলত বসতি স্থাপন কৰা লোকসকলে এই পানী কামত লগাই কৃষিকাৰ্য আৰম্ভ কৰে । কিন্তু দুই বছৰৰ ভিতৰতে নদী আৰু হ্ৰদ সংযোগকাৰী খালত গেদ জমা হৈ ইয়াৰ নাব্যতা হ্ৰাস হৈ পৰে । ক’ল’ৰাড’ নদীত বানপানী হয় আৰু নদীৰ পানী ছেলেটন হ্ৰদৰ লগতে কাষৰীয়া উপত্যকা অঞ্চলত ভৰি পৰে । ফলত ছেলেটন নদীৰ সৃষ্টি হয় ।
বছৰৰ অন্যান্য সময়ত পানী শুকাই গ’লেও প্ৰতি বছৰে বাৰিষাত পানীৰে পৰিপূৰ্ণ হৈ পৰে নদী । ইয়াক কেন্দ্ৰ কৰিয়ে কৃষি আৰু পৰ্যটনৰ প্ৰসাৰ ঘটে । নদীক কেন্দ্ৰ কৰি প্ৰচুৰ পৰিমাণে বন্যপ্ৰাণীও পৰিলক্ষিত হয় । নদীখনৰ পানী এসময়ত মীন পালনৰ বাবেও ব্যৱহাৰ কৰা হৈছিল । নদীত বিভিন্ন প্ৰকাৰৰ মাছ পোৱা গৈছিল । সেই মাছৰ সন্ধানত বিশ্বৰ নানান প্ৰান্তৰ পৰিভ্ৰমী চৰাই নদীখনলৈ আহিবলৈ লয় ।
গোটেই দিন পখীৰ মাত আৰু নদীৰ শব্দত প্ৰাণোজ্বল হৈ আছিল ছেলেটন নদী । আজি সেই নদী ইমানেই বিষাক্ত হৈ পৰিছে যে, পানীত মাছ জীয়াই থকা অসম্ভৱ হৈ পৰিছে, ফলত পখীও নহা হ’ল । শুকাই যোৱা বিষাক্ত নদীৰ ধূলি উৰি গৈ দূৰদুৰান্তৰ বায়ুও দূষিত হৈছে । কিয় এনে পৰিণতি হ’ল নদীৰ ?
বাৰিষাৰ পানীত পৰিপুষ্ট এই নদীত প্ৰতি বছৰে ক’ল’ৰাড’ নদী উপচি পানী সোমাই । সম্পূৰ্ণ বছৰ সেই পানীয়ে থাকে নদীত । কিন্তু প্ৰতি বছৰে বানপানী ৰোধ কৰিবলৈ ক’ল’ৰাড’ নদীত বান্ধ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেলিফ’ৰ্ণিয়া প্ৰশাসনে ।
১৯৩৮ত ক’ল’ৰাড’ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় । বান্ধটোৰ নাম দিয়া হয় জয় ইম্পেৰিয়েল বান্ধ । বান্ধ নিৰ্মাণ কৰি বানপানী ৰোধ হোৱাৰ পাছত অঞ্চলটোত স্কুল, ক্লাব, হোটেল আদি গঢ়ি উঠে ।
কিন্তু ইয়াৰ ফলাফল হয় মাৰাত্মক । ছেলেটন নদীত বাৰিষাৰ পানী সোমোৱা বন্ধ হৈ পৰে । জমা হৈ থকা পানী বাষ্প হ’বলৈ ধৰে । কিন্তু যিমান পৰিমাণে পানী বাষ্প হ’বলৈ ধৰিছিল সিমান পৰিমাণে নদীত সোমোৱা নাছিল । ফলত পানীৰ পৰিমাণ ক্ৰমে হ্ৰাস হৈ আহিছিল ।
১৯৭০ত পৰিৱেশবিদসকলে নদীৰ প্ৰকৃতি সলনি হৈছে বুলি সতৰ্ক কৰে । কিন্তু কেলিফ’ৰ্ণিয়া প্ৰশাসনে গুৰুত্ব নিদিয়ে । সত্তৰ দশকৰ পিছৰফালে নদীৰ মাছ মাৰিবলৈ ধৰে । ফলত নদীলৈ অহা পখীৰ সংখ্যাও কমিবলৈ লয় ।
নদীৰ পানী শুকাই লুণীয়া হৈ পৰে । সেয়ে পানীত থকা প্ৰাণীবোৰ মৰিবলৈ লয় । সেই পানীৰে কৃষিও নোহোৱা হ’ল । পানীত প্ৰাণী মৰাৰ ফলত পচন ধৰিবলৈ আৰম্ভ কৰে । নদীৰ পানী সম্পূৰ্ণ শুকাই যোৱাৰ ফলত প্ৰাণীৰ দেহ পচি বিষাক্ত গেছ সৃষ্টি হয় ।
নদীক কেন্দ্ৰ কৰি স্থাপন হোৱা বসতিও অন্ত ঠাইলৈ স্থানান্তৰিত হয় । নদীৰ সেই বিষাক্ত গেছ লছ এঞ্জেলছটো বায়ু প্ৰদূষণৰ কাৰক হৈ পৰে ।