অসম্ভৱক সম্ভৱ কৰিলে বিজ্ঞানীসকলে । গৱেষণাগাৰতে জন্ম দিলে ব্লেক হোল বা কৃষ্ণগহ্বৰ । কেৱল সেয়াই নহয়, এই প্ৰথম দেখা গ’ল যে ৪৭ বছৰৰ পূৰ্বে ষ্টিফেন হ’কিঙে দিয়া পূৰ্বাভাস আছিল একেবাৰেই সঠিক । সেই বিকিৰণৰে নাম ‘হকিং ৰেডিয়েচন’ । ‘টেকনিয়ন-ইজৰাইল ইনষ্টিটিউট অৱ টেকন’লজি’ৰ বিজ্ঞানীসকলৰ এই আলোড়ন সৃষ্টিকাৰী গৱেষণা প্ৰত্ৰখন প্ৰকাশিত হৈছে বিজ্ঞান-পত্ৰিকা ‘নেচাৰ ফিজিক্স’ৰ মাৰ্চৰ সংখ্যাত ।
৪৭ বছৰৰ পূৰ্বে হকিঙে যি কৈছিল
পূৰ্বে ধাৰণা আছিল যে কৃষ্ণগহ্বৰৰ মধ্যাকৰ্ষণ শক্তি ইমানেই প্ৰৱল যে তাৰ ওচৰে-পাজৰে থকা কোনো বস্তুৱেই ইয়াৰ আকৰ্ষণ অগ্ৰাহ্য কৰিব নোৱাৰে । সকলোৱেই গৈ কৃষ্ণগহ্বৰ মাজত সোমাই পৰিবলৈ বাধ্য হয় । কৃষ্ণ গহ্বৰৰ এই মধ্যাকৰ্ষণ শক্তিক উপেক্ষা কৰি আনকি পোহৰৰ কণিকা ফোটনো ওলাই আহিব নোৱাৰে ।
সেই আকৰ্ষণ এৰাবলৈ হ’লে আলোক কণা বা আন কোনো বস্তুৱে পোহৰৰ গতিতকৈ বেছি গতিবেগত দৌৰিব লাগিব । অথচ সেয়া একেবাৰে অসম্ভৱ কথা । সেয়ে কৃষ্ণগহ্বৰক দেখা পোৱা নাযায় । সেই ‘ৰাক্ষস’ ঢাক খাই থাকে অনন্ত অন্ধকাৰত ।
১৯৭৪ত বিজ্ঞানী হকিঙে প্ৰথমবাৰলৈ জনাইছিল যে এই ধাৰণাত কিছু ভুল আছে । কৃষ্ণগহ্বৰেও পাৰে পোহৰ বিকিৰণ (এমিচন) কৰিবলৈ । সেয়া লাগিলে যিমানেই যৎসামান্য নহওক কিয় । এযোৰা ফোটনৰ মাজৰ এটা ফোটনে কৃষ্ণগহ্বৰৰ সৰ্বগ্ৰাসী ক্ষুধাক এৰাই যাব নোৱাৰে ।
কিন্তু আনকো ফোটনে সেই নাগপাশৰ পৰা ওলাই আহি জন্ম দিয়ে হকিং ৰেডিয়েচন । হকিঙে ইয়াকো জনাইছিল যে সেই পোহৰ দৃশ্যমান পোহৰ (ভিজিবল লাইট) নহয় । অৱশ্যে ই আলোতৰংগৰে এক অংশ । ইয়াৰ নাম ‘ইনফ্ৰাৰেড ৰে’ বা অৱলোহিত ৰশ্মি । পাছত তাৰ নাম লিখা হ’ল হকিং ৰেডিয়েচন ।
৪৭ বছৰৰ পাছত…..
গৱেষণাগাৰত এটা কৃষ্ণগহ্বৰ সৃষ্টি কৰি বিজ্ঞানীসকলে দেখুৱাইছে যে ৪৭ বছৰৰ পূৰ্বে কৃষ্ণগহ্বৰৰ বিকিৰণক কেন্দ্ৰ কৰি হকিঙে যি যি কৈছিল, সেই সকলোবোৰ কথাই নিৰ্ভুল । তেওঁলোকে দেখিলে যে কৃষ্ণগহ্বৰেও হকিং ৰেডিয়েচন বিকিৰণ কৰে । লগতে এয়াও দেখিলে যে হকিঙে যিদৰে কৈছিল, সেই বিকিৰণৰ প্ৰাবল্য সময়ৰ স’তে বঢ়া-কমা নকৰে ।
গৱেষণাগাৰত কিদৰে সৃষ্টি হ’ল কৃষ্ণগহ্বৰ ?
গৱেষকসকলে আঠ হেজাৰটা ৰুবিডিয়াম পৰমাণুৰ গেছ প্ৰবাহক পৰম শূণ্য তাপমাত্ৰা (শূন্যৰ ২৭৩ ডিগ্ৰী চেলচিয়াছ তলত)ত ঠাণ্ডা কৰিছিল । তাৰ পাছত সেই গোট মৰা গেছ প্ৰবাহক এক লেজাৰ ৰশ্মিৰে এটা স্থানত আৱদ্ধ কৰি ৰাখিছিল । তাতেই পদাৰ্থৰ এক অদ্ভুত অৱস্থাৰ জন্ম হৈছিল, যাৰ নাম ‘বসু-আইনষ্টাইন কণ্ডেনছেট’ (বিইচি) ।
এই অৱস্থাত পদাৰ্থৰ হেজাৰ হেজাৰ পৰমাণুৱে মিহলি হৈ মাত্ৰ এটা পৰমাণুৰ দৰে আচৰণ কৰে । তাৰ পাছত আন এক লেজাৰ ৰশ্মিৰ মাধ্যমেৰে গৱেষকসকলে সেই ৰুবিডিয়াম গেছক ঝৰ্ণাৰ পানীৰ দৰে বোৱাই দিবলৈ সক্ষম হৈছিল । এইদৰেই গৱেষণাগাৰতেই জন্ম হৈছিল কৃষ্ণগহ্বৰৰ । গৱেষকসকলে অৱশ্যে গৱেষণাগাৰত পোহৰৰ কণা ফোটনৰ পৰিৱৰ্তে শব্দতৰংগৰ কণা ‘ফোনন’ ব্যৱহাৰ কৰিছিল ।